মহানগৰীত ৰেলৰ ডবাত ১ কোটি ৬০ লাখ

গুৱাহাটীঃ গুৱাহাটী ৰেল ষ্টেছনত দেওবাৰে আৰপিএফে অভিযান চলাই নগদ ১ কোটি ৬০ লাখ টকা উদ্ধাৰ কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ডিব্ৰুগড়–হাওৰা এক্সপ্ৰেছৰ যাত্ৰীবাহী ডবাত এটা বেগৰ ভিতৰত আছিল এই টকা খিনি৷

আৰপিএফে অমিত কুমাৰ শৰ্মা নামৰ এজন লোককো আটক কৰে৷ তিনিচুকীয়াৰ ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ কৰ্মচাৰী বুলি কয় লোকজনে৷ আৰপিএফে ৰেলৰ ডবাৰ ভিতৰ নিৰীক্ষণ কৰাত পল্টনবজাৰ ৰেল ষ্টেছনত বৃহৎ পৰিমানৰ নগদ ধন উদ্ধাৰ হোৱাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষী-ৰেল আৰক্ষীয়ে৷