গৰৈমাৰিৰ জলসিঞ্জন আঁচনি, আছে গৰু নাবাই হাল....

গৰৈমাৰিঃ ৰাজ্যৰ শ-শ কৃষকে খেতি পথাৰত পানীৰ বাবে হাহকাৰ কৰিব লগা হয়৷ কৃষকৰ হাহকাৰ মৰিষণ কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰছ কৰি খেতিয়কক পানীৰ যোগানৰ বাবে আঁচনি নিৰ্মাণ কৰে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয়৷ আঁচনি নিৰ্মাণ কৰে যদিও একাংশ ঠিকাদাৰ, অভিযন্তাৰ ধন ঘটাৰ মাধ্যম হৈ পৰে এই আঁচনি সমূহ৷ ইখনৰ পিছত সিখন চৰকাৰ আহে আৰু যায় কিন্তু খেতিয়কৰ সমস্যা হলে কেতিয়াও চৰকাৰে সমাধান কৰিব নোৱাৰে৷

জলসিঞ্চন বিভাগে কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰীতো নিৰ্মাণ কৰিছিল ভগনীয়া জলসিঞ্চন আঁচনি নামেৰে এটি আঁচনি৷ আঁচনিটোৱে আজিলৈ খেতিয়কক পানী হ’লে পানী দিব পৰা নাই৷ মেৰামতিৰ অভাৱত জহি-খহি যন্ত্ৰপাতি, গৃহ সমূহ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰী ভগনীয়া জলসিঞ্চন আঁচনি ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে ১৯৭০ চনত উদ্বোধন কৰিছিল বুলি কয় স্থানীয় ৰাইজে৷

স্থাপনৰ পিছত কেইবা মাহ খেতি পথাৰত পানী যোগান ধৰিছিল যদিও যোৱা ৪৫ বছৰ ধৰি আঁচনি খন বিকল হৈ পৰি আছে৷ শিঙিমাৰী ভগনীয়া জলসিঞ্চন কেন্দ্ৰটোত চাৰিটা কৈ মটৰ যুক্ত ইঞ্জিন আৰু কেনেলত পানী উত্তোলন কৰাৰ বাবে নৈৰ সৈতে সংযুক্ত পাইপ আছে যদিও প্ৰায়বোৰ মটৰ আৰু বিকল হৈ আছে৷ প্ৰায় দুই হাজাৰ বিঘা খেতি পথাৰ পানী যোগান ধৰা আঁচনি খন জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ বিভাগীয় কৰ্তৃপক্ষই চোৱাচিতা নকৰাৰ বাবেই আজি এনে পৰিবেশ হোৱা বুলি কয় ৰাইজে৷ তদাৰক কৰাৰ বাবে কেইবাজনো কৰ্মচাৰী আছে যদিও ঘৰত বহি মাহৰ দৰমহা লৈ থকাৰ অভিযোগ উত্থাপন হয়৷