শ্বেতাৰ প্ৰেমিকক পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াৰ মেধাৱী ছাত্ৰী শ্বেতা হত্যাকাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে দেওবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয় শ্বেতা হত্যাকাণ্ডৰ অভিযুক্ত গোৱিন্দ সিংহানীয়াক৷ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত দেওবাৰে হাজিৰ কৰোৱাত মহানগৰ আৰক্ষীয়ে তদন্তৰ থাতিৰত পুনৰ জিম্মাত বিছাৰে গোৱিন্দক৷ আদালতে পুনৰ শ্বেতাৰ হত্যাকাণ্ডৰ অভিযুক্তগৰাকীক পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে বুলি জানিব পৰা গৈছে৷

আনহাতে অভিযুক্ত গোৱিন্দৰ ভগ্নী আৰু মাতৃ ভৱানী সিংহানীয়াক আদালতত হাজিৰ কৰাই যদিও মাতৃ-ভগ্নীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে৷ তাৰ মাজতে শনিবাৰে মাৰোৱাৰী সমাজে শনিবাৰে গোৱিন্দক ফাচি দিয়াৰ দাবীত দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷

৪ ডিচেম্বৰৰ সন্ধিয়া শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছে গোৱিন্দৰ বাসগৃহৰ বাথৰুমত৷ গোৱিন্দ সিংহানীয়াই ৬ ডিচেম্বৰত বিস্ফোৰক স্বীকাৰোক্তি দি যোৱা মে’ মাহৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও বিগত প্ৰায় তিনিমাহ ধৰি দুয়োৰে সম্পৰ্কত ফাট মেলিছিল বুল কৈছিল৷ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দি শ্বেতাক দেৱালত মুৰ খুন্দিয়াই হত্যা কৰিছিল বুলি প্ৰকাশ কৰে প্ৰেমিক গোৱিন্দই৷

দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে ৪ ডিচেম্বৰত গোৱিন্দৰ ঘৰলৈ আহি শ্বেতাই বিবাহ কৰোৱাৰ বাবে জোৰ কৰিছিল গোৱিন্দক৷ যাৰ ফলত তেওলোকৰ দুয়োৰে তীব্ৰ তৰ্কাতৰ্কি লাগিছিল৷ ঘৰৰ ভিতৰত তৰ্কাতৰ্কি লাগি থকা অৱস্থাতে খঙত অগ্নিশৰ্মা হৈ গোৱিন্দই এটা সময়ত শ্বেতাৰ মুৰটো দেৱালত তীব্ৰ জোৰে খুন্দিয়াই দিছিল৷ শ্বেতাৰ মূৰৰ পৰা ৰক্তপাত পোৱাৰ লগতে প্ৰায় এক ঘন্টাৰ অন্তত তেওৰ মৃত্যু হৈছিল৷

মৃত্যুৰ পিছত মৃতদেহ বাহিৰত পেলাই থৈ অহাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল যদিও বাহিৰত মানুহৰ ভীৰ থকাৰ বাবে সেয়া সম্ভৱ নহ’ল গোৱিন্দৰ পৰিয়ালৰ৷ এটা সময়ত বাইকত তুলি মৃতদেহ নিয়াৰ চেষ্টা কৰিছিল যদিও সেয়াও সম্ভৱ নোহোৱাত অৱশেষত বাথৰুমত সোমোৱাই থৈ কেৰাচিন ঢালি পুৰি পেলোৱাৰ চেষ্টা কৰে৷ তাৰ পিছতে ঘটনা পোহৰলৈ আহে৷ গোৱিন্দ সিংহানীয়া আৰু শ্বেতা একেখন কলেজতেই পঢ়িছিল।

হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত অভিযুক্ত যুৱকজনৰ ঘৰত যুৱকগৰাকীৰ মাক আৰু ভনীয়েকো উপস্থিত আছিল। ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত গুৱাহাটীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযক্ত যুৱক গোৱিন্দ সিংহানীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকগৰাকীৰ মাক আৰু ভনীয়েককো আটক কৰে।