
নলবাৰীঃ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদে দেওবাৰে কেন্দ্ৰীয় ভাবে নলবাৰীৰ বৰক্ষেত্ৰীত শ্বহীদ দিৱস পালন কৰে৷ বৰক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মুণবড়িৰ ৰামপুৰত অগপৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদক স্মৰণ কৰে দলটোৱে।
পুৱা পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ দিলিপ হুজুৰিৰ ভাতৃ দীপক হুজুৰিয়ে শ্বহীদ তৰ্পণ কৰে। মাল্যাৰ্পন, শ্বহীদ পৰিয়ালক সম্বৰ্ধনা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়৷ । অগপৰ ৰাজ্যিক সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত শ্বহীদ স্মৃতি চাৰণ তথা মুকলি সভাত অনুষ্ঠিত হয়। সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ফনিভূষন চৌধুৰী, পবিন্দ্ৰ নাথ ডেকা, অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, অগপৰ নেতা নুৰুল হুছেইন আদি কেন্দ্ৰীয় নেতা উপস্থিত থাকে৷
সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুকলি সভাত ভাষণ প্ৰদান কৰি অসমৰ অসমীয়া ৰাইজৰ আঞ্চলিকতাবাদৰ বিকল্প নাই নাই বুলি কয়। ৰাষ্ট্ৰীয় দল সমূহে মাথো অসমক শোষণ কৰি হে আছে যদিও সমস্যা সমাধানৰ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত অসমৰ ৰাইজে নানা আহুকালত ভূগি আছে। অসমীয়াৰ জয় ধ্বনিত গঠিত আঞ্চলিক দল অগপই বিজেপিৰে মিত্ৰতা কৰি ৰাজ্যত চৰকাৰ গঠনৰ সহযোগী হৈছে যদিও অসমৰ ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহব।
যোৱা বিধানসভা নিৰ্বাচনত ৰাইজে পৰিবৰ্তন বিচাৰিহে বিজেপি, অগপ, বি পি এফ মিত্ৰ জোঁটক ভোত দি চৰকাৰ গঠনৰ সুবিধা দিছে। কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি যিহেতু চৰকাৰৰ মূল দল তেওঁলোকে ৰাইজৰ সমস্যাসমূহ সমাধানত অধিক মনোযোগ দিব লাগে যদিও বৰ্তমানলৈ বিজেপিয়ে সেয়া ৰাইজক দেখুৱাব পৰা নাই বুলি দোহাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই শ্বহীদ সকলক স্মৰণ কৰি শ্বহীদৰ অৱদানৰ বিষয়ে কয়। সভাৰ সভাপতিৰ ভাষণত কৃষি মন্ত্ৰী অতুল বৰাই শ্বহীদৰ তেজৰ মূল্যৰ বিনিময়ত অগপ দলৰ জন্ম বুলি কয়।
সেয়েহে অগপই কোনো কালে শ্বহীদৰ ইতিহাস পাহৰি নাযায়। নাগালেণ্ডক কোনো মূল্যৰ বিনিময়ত মাটি এৰি দিয়া বিষয়টো সমৰ্থন নকৰে। সেয়া অগপ দলে ৰাজ্যৰ মিত্ৰ জোটঁ চৰকাৰক অৱগত কৰা হৈছে। তদুপৰি অগপ দলে এখন শুদ্ধ তথা বাংলাদেশী মুক্ত এন আৰ চি প্ৰকাশ হোৱাটো বিচাৰে বুলি দোহাৰি অগপ সভাপতি অতুল বৰাই অসমৰ ৰাইজৰ প্ৰতিটো সমস্যাত অগপ থাকিব আৰু চৰকাৰেও যদি জনবিৰোধী কিবা সিদ্ধান্ত লয় তাক নাকচ কৰিব আৰু ৰাইজক লৈ সংগ্ৰাম কৰি যাব বুলি দোহাৰে।
নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, সম্পাদক কেশৱ ডেকা, জৌতিষ ঠাকুৰীয়া, জ্যেষ্ঠ নেতা অকণ মল্ল বৰুৱা, আক্ৰাম হুছেইন, ডঃ অলকা দেশাই শৰ্মা, যুৱ নেতা দিলিপ কুমাৰ দাস, অভ্যৰ্থনা সমিতিৰ সভাপতি মুকুল শৰ্মা, কাৰ্যকৰী সভাপতি তাজউদ্দিন আহমেদ, সম্পাদক জগদাচৰণ তালুকদাৰ, প্ৰদীপ দাস, গুণমণি ভূঞা, জামাতউদ্দিন আলী সহ বহু সংখ্যক নেতা নেত্ৰী, শ্বহীদ পৰিয়ালৰলোক উপস্থিত থাকে।