দুনীত শ্বহীদ দিৱস পালন

দলংঘাটঃ পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উদ্যোগত দেওবাৰে দুনীত শ্বহীদ দিৱস পালন কৰা হয়। পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ সভাপতি গজেন বড়াই পতাকা উত্তোলন কাৰৰ লগে লগে ৯বজাত শ্বহীদ তৰ্পণ কৰে শ্বহীদ কুলেন্দ্ৰ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ৰণেন্দ্ৰ শৰ্মাই।

প্ৰাৰ্থনা সভা আৰু শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনাই পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনে। সন্ধিয়া ৬ বজাত সদৌ অসম ভিত্তীত একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। নাট প্ৰতিযোগিতাত বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত ১০টা নাটকৰ দলে অংশগ্ৰহণ কৰিব।

সন্ধিয়া শ্বহীদ সকলৰ সোৱৰণত বন্তি প্ৰজ্বলন কৰা হয়। দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে পশ্চিম দৰং অঞ্চলৰ দল-সংগঠনে বন্তি প্ৰজ্বলনত অংশ গ্ৰহণ কৰে। নাট প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। পশ্চিম দৰং অঞ্চলৰ শ্বহীদৰ পৰিয়াল আৰু নিৰ্যাতিত পৰিয়ালৰ লগতে ৰাইজ উপস্থিত থাকে কাৰ্যসূচীত৷ অংশগ্ৰহণ কৰে।