
গুৱাহাটীঃ ৰাজ্যৰ বিভন্ন দল-সংগঠনে অসম অন্দোলন শ্বহীদসকলক বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধা যাচে৷ দেওবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়কেও বিভিন্ন ঠাইত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে৷ বজালীৰ উজান বৰবড়ীত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদবেদীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি যাচে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালৰ সৈতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসো উপস্থিত থাকি অসম আন্দোলনৰ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি যাচে৷ কেইবা শতাধিক লোকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি যাচি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী-বিজেপিৰ সভাপতিক লগত লৈ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে ভৱানীপুৰ এৰাৰ পিছতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহভূমিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

বিজেপিয়ে শ্বহীদ দিৱসৰ কাৰ্যসূচীত শ্বহীদ গৰাকীক গেৰুৱা কৰণ বিছৰা বুলি অভিযোগ উত্থাপন কৰে৷ এই কাণ্ডক বিভিন্ন মহলে ধিক্কাৰ দিয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ জাতীয় শ্বহীদক কোনো কাৰণত আনৰ সৈতে তুলনা কৰা কাৰ্যক সহ্য কৰা নহ’ব বুলি কয়৷ কলিতা সাহিত্য সভায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ সভাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মৃদু কাশ্যপে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী মহোদয় এনে পৰিৱৰ্তন আমাৰ কাম্য নাছিল বুলি ক্ষোভ ব্যক্ত কৰে৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত শ্বীহদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সৈতে বিজেপিৰ প্ৰয়াত নেতা পণ্ডিত দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবি ছবি থোৱাই আছিল৷