
গোলকগঞ্জঃ ‘সাত পুৰুসেৰ ভিটা’ৰ স্ৰষ্টা আৰু নাই৷ দেওবাৰে কোচ-ৰাজবংশী ভাষাৰ প্ৰথমগৰাকী বোলছবিৰ প্ৰযোজক, সাহিত্যিক, বিশিষ্ট নাগৰিক ক্ষীৰোদ চন্দ্ৰ দাসৰ মৃত্যু হয়৷ কোচ-ৰাজবংশী সাহিত্যক চহকী কৰি বিভিন্ন গল্প, উপন্যাস, নাটক, ৰাজবংশী ভাষাৰ বোলছবি "সাত পুৰুসেৰ ভিটা" প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত মাহুত বন্ধুৰ ওপৰত উপন্যাস লিখি সমাদৰ লাভ কৰিছিল দাসে।
ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰী গাঁৱত জন্ম গ্ৰহণ কৰা দাস এগৰাকী বিশিষ্ট সমাজ সেৱক আছিল। যোৱা ৫ ডিচেম্বৰত হঠাত উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত পৰিয়ালে কোচবিহাৰৰ মিশ্বন চিকিৎস্যালয়ত ভৰ্তি কৰিছিল দাসক। ডঃ নিৰ্মল পালিতৰ চিকিৎসা কৰি আছিল যদিও ৬ দিনৰ অন্তত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেও। দাসৰ নশ্বৰ দেহ দেওবাৰে নিশা অক্সিগুৰী গাঁৱৰ বাসগৃহত অনাৰ পাছত সোমবাৰে পুৱা দহ বজাত হাতীধুৰা চিলাৰায় ভৱনলৈ নিয়া হয়।
দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ পৰিয়াল বৰ্গক শোক সমবেদনা জ্ঞাপন কৰে।ধুবুৰী জিলা কোচ ৰাজ বংশী ছাত্ৰ সংগঠনৰ পৰা তেওঁক জাতীয় শ্বহীদ ঘোষনা কৰা হয়। আনহাতে তেওঁৰ মৃত্যুক সন্মান জনাই সোমবাৰে পুৱাৰ পৰা দুপৰীয়া বাৰ বজালৈ হাতীধুৰা আৰু তামাৰহাট বজাৰ বন্ধ ৰখা হয়। ক্ষীৰোদ চন্দ্ৰ দাস তামাৰহাট প্ৰেছ ক্লাবৰ উপদেষ্টাও আছিল৷
পশ্চিম বংগৰ কোচবিহাৰ মিশ্বন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে দাসে৷ তেওঁৰ মৃত্যুত তামাৰহাট প্ৰেছ ক্লাব, কোজৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, সাৰা অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ ধুবুৰী জিলা সমিতি, প্ৰেছ ক'ৰপণ্ডেন্টছ ইউনিয়নৰ ধুবুৰী জিলা সমিতি, তামাৰহাট অঞ্চলিক আমছু আৰু আছুৱে শোক প্ৰকাশ কৰে।