
মঙলদৈঃ দেওবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় দৰং জিলা আছুৰ প্ৰাক্তন নেতা তথা বিশিষ্ট সমাজকৰ্মী কেশৱ চন্দ্ৰ ডেকাই৷ ডেকাৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে দৰং-ওডালগুৰি জিলাত গভাৰ শোকৰ ছাঁ পৰে। অগণন গুণমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷
জানিব পৰা মতে, ২৯নৱেম্বৰৰ নিশা হঠাৎ উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ নিশাই জি এন আৰ চিত ভৰ্তি কৰিছিল ডেকাক৷ চিকিৎসাধীন অৱস্থাত দেওবাৰে নিশা তিনি বজাত মৃত্যু বৰণ কৰে ডেকাই।
১৯৯৬ চনত অবিভক্ত দৰং জিলা ছাত্র সন্থাৰ সভাপতি পদ অলংকৃত কৰাৰ লগতে ২০০৬ চনত বিটিচিৰ প্ৰথমটো পৰিষদীয় নিৰ্বাচনত ৩৫নং মূদৈবড়ি পৰিষদীয় নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থী হিচাপে থিয় দি এম চি এল নিৰ্বাচিত হৈছিল৷
পিছলৈ তেওঁ বি পিফত যোগদান কৰি দলৰ কাম কাজ কৰি গৈছিল। তেওৰ নশ্বৰ দেহ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আনি বিভিন্ন দল-সংগঠনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অসম গণ পৰিষদৰ দৰং জিলা সমিতি, দৰং জিলা সাহিত্য সভা, সদৌ অসম ছাত্র সন্থা, দেওঁমৰনৈ মহাবিদ্যালয়, মঙলদৈ প্ৰেছ ক্লাৱ, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, কলাইগাঁও ছাত্ৰ সন্থা, মঙলদৈ মহকুমা ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰে।