বৰডুমচাত পিতা-পুত্ৰক গুলীয়াই হত্যা সন্দেহযুক্ত আলফাৰ

তিনিচুকীয়াঃ ৰাজ্যত সেনা-আৰক্ষীয়ে গিজগিজাই থকাৰ মাজতে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা থানাৰ অন্তৰ্গত শিমলুগুৰি গাঁৱত আলফাই ভয়াৱহ আক্ৰমণ সংঘটিত কৰে সোমবাৰে৷ পিতা-পুত্ৰক লক্ষ্য কৰি আলফা স্বাধীনে গুলীচালনা কৰাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷

পিতৃ অন্তেশ্বৰ মহন্ত আৰু পুত্ৰ কৰুণ মহন্তক আলফা স্বাধীনৰ সেনাৰ পোছাকত অহা প্ৰায় তিনিজনীয়া দল এটাই নিজ বাসগৃহতে গুলীয়াই উধাও হয় দলটোৱে৷ অন্তেশ্বৰ মহন্ত গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু অৰুণ মহন্ত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল৷

শৰীৰত কেইবাজাঁই গুলী লগা অন্তেশ্বৰ মহন্ত ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে অৰুণ মহন্তই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৃত্যুক সাৱতি লয় ৷ অদ্যপি গুলীচালনাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই৷ ঘটনা স্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত থকাৰ লগতে অভিযান অব্যাহত ৰাখিছে৷ সমগ্ৰ অঞ্চলটো আৰক্ষী আৰু সেনাবাহিনীৰ লোকে ঘেৰাও কৰি ৰখাৰ লগতে অসম অৰুণাচললৈ অহা যোৱা সকলো বাহনত তন্ন-তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে৷