
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি ৰেলৱে ষ্টেছনৰ সমীপত পিতা-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে৷ মঙলবাৰে পুৱতি নিশা পিতা পুত্ৰই আত্মহত্যা কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মুলত আৰ্থিক অনাটন আৰু পাৰিবাৰিক কন্দলৰ ফলতেই পুত্ৰক কোলাত লৈ ছালাকাটি চান্দিয়াগাঁঁৱৰ চন্দন হাসদাই আত্মহত্যা কৰে৷
কোলাত দুই বছৰীয়া সন্তানক লৈ ৰেলৰ চিৰিত শুই দিয়াৰ ফলত দ্ৰুতবেগী ৰেলে তেওক মহতিয়াই নিয়াৰ ফলত পিতা-পুত্ৰৰ মৃত্যু হয়। ৰেলৰ খুন্দাত পিতৃ চন্দন হাসদাৰ দেহৰ পৰা মুৰটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন হোৱাৰ লগতে কণমানি সন্তান সুনীল হাসদাও ঘটনাস্থলীতে নিহত হয়।
নিজ পুত্ৰক লৈ নামনিমুৱা ৰেলগাড়ীৰ আগত আত্মহত্যা কৰা চন্দন হাসদাৰ পৰিয়ালত পৰিয়াল কেন্দ্ৰিক কন্দল আৰু আৰ্থিক অনাটন আছিল বুলি চান্দিয়াগাঁঁৱৰ গাওঁবুঢ়াই সদৰে কৰে। সন্দেহ কৰা মতে, কণমানি সন্তানটো সেই সময়ত টোপনীত লালকাল হৈ আছিল। পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা কণমানি সন্তানৰ মৃত্যুৰ লগতে পিতৃ চন্দন হাসদাৰ মৃত্যুত গাঁওবাসীয়ে শোক প্ৰকাশ কৰে।
ইপিনে নামনিমুৱা মালবাহী ৰেলৰ চালকে ছালাকাটিত ঘটনা সংঘটিত হোৱাৰ পিছতে কোকৰাঝাৰ ৰেলৱে ষ্টেছন পৰিচালকক ঘটনা সন্দৰ্ভত অৱগত কৰি থৈ যায়। ৰেলৱে আৰক্ষী বিষয়া কে বসুমতাৰীয়ে সদৰি কৰা মতে উক্ত ঘটনাটো মঙলবাৰে পুৱতি নিশা সংঘটিত হয়৷ পিতা-পুত্ৰৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হয়। পিতা পুত্ৰৰ আত্মহত্যাৰ ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰে।