
খেৰণিঃ একপ্ৰকাৰ শুই আছে ৰাজ্য চৰকাৰ আৰু শুই আছে ৰাজ্য চৰকাৰৰ বন বিভাগ৷ কিয়নো ৰাজ্য খনৰ হাজাৰ হাজাৰ দৰিদ্ৰ-শ্ৰমিকে হাতী-মানুহৰ সংঘাতৰ ফলত বহু কষ্টৰে জীয়াই থাকিব লগা হৈছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ নিতৌ হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷
নিতৌ বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰাৰ ফলত উজাগৰি নিশা কটাবলগীয়া হৈছে মনুহে৷ তাৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় সোমবাৰে নিশা৷ পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ ১নং বেলবাৰীত নিশা বনৰীয়া হাতীৰ আক্ৰমণত বজিন্দ্ৰ বিশ্বাস (৪৫) নামৰ লোকজনৰ মৃত্যু হয়৷ ধান পথাৰত পহৰা দি থকা অৱস্থাতে আক্ৰমণ কৰে হাতীয়ে৷
ফলত মৃত্যু হয় বজিন্দ্ৰৰ৷ আনহাতে বেলবাৰীত নিশা দিনমণি বিশ্বাস আৰু বিতেন কেম্প্ৰৰাই নামৰ লোক দুজনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে৷ নিশা পথাৰত কাটি থোৱা ধান বজিন্দ্ৰ বিশ্বাসে প্ৰহৰা দি থকা অৱস্থাত জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীৰ আক্ৰমণত কৰুণ মৃত্যু হয় বজিন্দ্ৰৰ।
উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ সময়ত বজিন্দ্ৰ বিশ্বাসৰ সৈতে তেওঁৰ মোমায়েকো লগত আছিল যদিও হাতীটোৱে বজিন্দ্ৰক আক্ৰমণ কৰিবলৈ লওঁতেই মোমায়েক পলায়ণ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। প্ৰায় এমাহ ধৰি বনৰীয়া হাতীয়ে অঞ্চলটোত তাণ্ডৱ চলাই অহাৰ পিছতো চৰকাৰ গঢ়িব লোকৰ জীৱন-সম্পত্তি ৰ৭াৰ বাবে গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷