
তিনিচুকীয়াঃ দেশ স্বাধীন কৰাৰ মানসিকতাৰে উলাই যোৱা বিদ্ৰোহী সদস্যই নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই এতিয়া নিজ ৰাজ্যৰ ভূমিপুত্ৰসকলকে শত্ৰুজ্ঞান কৰি বুকুত গুলী ফুটাই বীৰত্ব প্ৰদৰ্শন কৰা কাৰ্যক কাকপথাৰৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ গৰিহণা সন্মূখীন হৈছে আলফা স্বাধীন৷ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত সোমাবাৰে নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি অন্তেশ্বৰ মহন্তৰ ঘৰত উপস্থিত হৈ তেঁওক বিচাৰে৷

তাৰ পিছতে অন্তেশ্বৰ মহন্তক দেখা মাত্ৰকে আলফা তিনিজনীয়া দলটোৱে গুলীচালনা কৰে৷ গুলীৰ শব্দ ফুটাৰ লগে লগে পুতেক কৰুণ মহন্তই পিতৃক বচাবলৈ চেষ্টা কৰাত তেওঁৰ মুৰত গুলী লাগে৷ ঘটনাস্থলীতে দুয়ো ঢলি পৰাত আলফা স্বাধীনৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে৷
স্থানীয় পৰিয়ালৰ লোকে ততালিকে দুয়োকে চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নি থকা অৱস্থাত পিতা পুত্ৰই মৃত্যুক আঁকোৱালি লয়৷ ঘটনাক স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে আলফা স্বাধীনৰ এই কাৰ্যৰ প্ৰতিবাদ জনাই ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ হিচাপে ১ কোটি টকা দিবলৈ দাবী জনায়৷

ঘটনাৰ বিৱৰণী অনুসৰি ২০০৬ চনত প্ৰয়াত অন্তেশ্বৰ মহন্তৰ ভাতৃ অজিত মহন্তক আলফাৰে যোগাযোগ ৰখাৰ অপৰাধত নিৰাপত্তাৰক্ষীৰ অত্যাচাৰত মৃত্যুক সাৱটি লৈছিল৷ ফলশ্ৰুতিতেই আলফাৰ ৰূপম অসমৰ নেতৃত্বত এটা দলে উজনি অসমৰ তিনিচুকীয়া জিলাত ব্যাপক ধন সংগ্ৰহ আৰু সদস্যভৰ্তি অভিযান আৰম্ভ কৰা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ৷ প্ৰয়াত অন্তেশ্বৰ মহন্তই বেজালি কৰি দৰিদ্ৰতাৰ পৰা অতি কম সময়ৰ ভিতৰতে চমকপ্ৰদ উত্থাপন কৰা কাৰ্যই আলফা স্বাধীনৰ কোনো গুপুত ধন লাভ কৰা বুলি গুজৱ ওলোৱা পৰিপ্ৰেক্ষিতত এই ঘটনা সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে৷
ইপিনে স্থানীয় ৰাইজ আত্মীয় কুটুম্বই এনে ঘটনা নসাৎ কৰি এয়া অপপ্ৰচাৰৰ আৰু মৃতকক অপযশ দিয়াৰ বাদে একো নহয় বুলি মন্তব়্য কৰিছে৷ প্ৰায় এক মাহ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি বিবাহপাশত আবদ্ধ হোৱা কৰুণ মহন্ত আৰু পিতৃক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন দল সংগঠন একত্ৰিত হৈ আলফা মূৰ্দাবাদ ধ্বনি দিয়াৰ লগতে খিলঞ্জীয়া লোকক হত্যা কৰি আলফাই কোনখন স্বাধীন অসমৰ পোষকতা কৰে বুলি প্ৰশ্ন কৰে৷
বৰডুমচা গুলীচালনা ঘটনাৰ প্ৰতিবাদ জনাই সদৌ মৰাণ ছাত্ৰ সন্থাই অহা পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰে। এই কাৰ্যসূচীত মটক যুৱ ছাত্ৰ সন্মিলন, আছু, AJYCP আৰু টাই আহোম ছাত্ৰ সন্থাই সমৰ্থন জনায়। মৃতকলৈ এক কোটি টকাকৈ ক্ষতি পূৰণ দিয়াৰ দাবী জনাই সংগঠনকেইটাই৷ আনহাতে পিতা-পুত্ৰৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ কেইবা শতাধিক লোকৰ উপস্থিতিত স্থানীয় শ্মশানত পিতা-পুত্ৰ শেষকৃত্য সম্পন্ন কৰা হয়৷