এইবাৰ ন-খাবলৈ নাপালে নগাঁৱৰ একাংশ গঞাই

নগাঁওঃ আঘোণৰ পকা ধান চপাই আনন্দ-স্ফূৰ্তিৰে ন-চাউলেৰে ন-ভাত খোৱাটো অসমীয়া কৃষিজীৱি ৰাইজৰ এক বিশেষ পৰম্পৰা৷ কৃষিজীৱি প্ৰতিঘৰ গৃহস্থই ন-চাউলেৰে সৰ্বপ্ৰথমে ৰাইজক আপ্যায়িত কৰিহে পিছত নিজে ব্যৱহাৰ কৰে৷ আনকি পৰম্পৰা অনুসৰি ন-চাউলৰ ভাত সাজ আকৌ আঘোণ মাহত খোৱাৰহে নিয়ম ৷ আঘোণ মাহতে ন-চাউল মুঠি লগাই নথ’লে পুহত ন-চাউলৰ ভাত খাব নাপায়৷

সেয়ে আঘোণৰ সময়ছোৱাত সকলো গ্ৰামাঞ্চলৰে পথাৰ কিম্বা ঘৰত সৃষ্টি হয় উখল-মাখল এক ব্যস্ততামুখৰ পৰিবেশ৷ কিন্তু এইবেলি নগাঁও জিলাৰ একাংশ গ্ৰামাঞ্চলত এনে পৰিবেশ উদ্ভৱ নহ’ল৷ অসমীয়া গ্ৰাম্য জীৱনত পৰম্পৰাগতভাবে চলি অহা এই ন-খোৱা উৎসৱ পালনৰ পৰা এইবাৰ দুৰ্ভাগ্যজনকভাবে বঞ্চিত হ’বলগীয়াত পৰে জিলাখনৰ একাংশ কৃষিজীৱি ৰাইজ৷ কাৰণ, এইবেলি ন-ধান চপাই ন-খোৱা পাতিবলৈ এইসকল নগঞা কৃষকৰ পথাৰত খেতি ভাল নহ’ল৷

এইবাৰ ধানখেতিৰ সময়ছোৱাত হোৱা প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰা কৃত্ৰিম বানে কাঢ়ি নিলে এইসকল নগঞা কৃষকৰ জীয়াই থকাৰ সোণালী সপোন৷ জিলাখনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ হাতীচোং, কাছমাৰী আৰু শিলপুখুৰী মৌজাৰ এলেকাধীন বহু অঞ্চলত এইবেলি প্ৰকৃতিৰ অভিশাপত পৰি পৰ্যাপ্ত পৰিমাণে শস্য উৎপাদন নহ’ল৷ যাৰ পৰিণতিত আশা কৰা মতে ধান চপাবলৈ সক্ষম নোহোৱা গ্ৰামাঞ্চলবোৰৰ বহু দুৰ্ভগীয়া কৃষকে অনাগত দিনবোৰৰ কথা ভাবি ভীতিগ্ৰস্থ হৈ পৰিছে৷

ইফালে, পৰম্পৰাগতভাবে আঘোণ মাহত ধান কটা দাৱনী আৰু কটা ধানৰ ডাঙৰি কঢ়িওৱা কৃষকৰ ব্যস্ততামুখৰ পৰিবেশৰ লগতে মৰণা মৰা, গৰু খেদোৱা, ওখোন দিয়া শব্দই গঞা ৰাইজৰ চোতালত সৃষ্টি কৰা চিনাকী মনোমোহা দৃশ্য এইবাৰ মৌজা তিনিটাৰ গ্ৰামাঞ্চলবোৰত পূৰ্বৰ দৰে সূলভ ৰূপত দেখা নগ’ল৷

কাজেই, বহুতৰে ওখোন, কোৰোণা, হলঙা, বৰ চালনি, কাঁচি আদি কৃষি-কাৰ্যৰ লগত ওতঃপোতভাবে জড়িত সামগ্ৰীবোৰ এলাগী হৈ পৰি ৰৈছে ঘৰৰ এচুকত বা ভৰাঁল ঘৰৰ গাধৰীত৷ গতিকে দেখা গৈছে শাওনত সিচা ধানৰ বীজ পূৰ্ণ বিকশিত হৈ পথাৰ উপচি পৰাৰ পিছত আঘোণৰ পকা ধান ঘৰলৈ আনি ওচৰ-চুবুৰীয়া, জ্ঞাতি-কুটুম্ব তথা বন্ধু-বান্ধৱক নিমন্ত্ৰণ কৰি পৰম আনন্দ-স্ফূৰ্তিৰে ন-ধানৰ ন-চাউলেৰে ভোজ-ভাত খোৱাৰ যি পৰম্পৰা অতীজৰে পৰা গাঁৱলীয়া সমাজত পালন কৰি অহা হৈছে সেই পৰম্পৰা এইবেলি ম্লান পৰিছে ধাৰাবাহিকভাবে দেখা দিয়া প্ৰকৃতিৰ ৰোষৰ বাবেই৷