চোৰাং চোৱাগিৰি কৰাৰ বাবে আলফাই হত্যা কৰিলে অন্তেশ্বৰ-কৰুণক

গুৱাহাটীঃ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত সোমাবাৰে নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷

তাৰ মাজতে ঘটনা সন্দৰ্ভত মঙলবাৰে আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আলফাৰ সহকাৰী তথ্য প্ৰচাৰ আৰু তথ্য সম্পাদকে এক বিবৃতি যোগে ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ হৈ পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্ত দীৰ্ঘদিন চোৰাং চোৱাগিৰি কৰি আহিছিল বুলি কয়।

একেটা বিবৃতি যোগে আৰু কয় "আমাৰ সহযোদ্ধাৰ পৰিয়াল-পৰিজনত গৈ ৰাষ্ট্ৰ সন্ত্ৰাসৰ ভীতি প্ৰদৰ্শন আৰু ধনৰ লোভ দেখুৱাই আত্মসমৰ্পন কৰিবলৈ প্ৰৰোচিত কৰাৰ বাবে ইতিপূৰ্বে তিনিবাৰ সকীয়াই দিয়া হৈছিল৷ কিন্তু পৰিতাপৰ বিষয় যে সংশোধিত হোৱাৰ পৰিবৰ্তে প্ৰতিবিপ্লৱী কাৰ্য-কালাপ অব্যাহত ৰাখিছিল।

জাতীয় মুক্তি বিপ্লবৰ বিৰুদ্ধত চোৰাংচোৱা কৰা সকলৰ পৃষ্ঠভূমি (Background) যিয়েই নহওক কিয় এনে দুষ্কাৰ্য্যৰ ক্ষেত্ৰত আমাৰ সংগঠনে শূণ্য সহনশীল নীতি গ্ৰহন কৰিছোঁ"। বিবৃতিত আলফা স্বাধীনে আৰু কয় সদ্য মৃত অন্তেশ্বৰ মহন্তৰ পৰা "সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)"-এ সংগঠনৰ পুজিৰ বাবে কাহানিও সামান্য আৰ্থিক বৰঙণি বিচৰা নাই।

এইক্ষেত্ৰত কাৰোবাৰ হাতত তথ্য থাকিলে ৰাজহুৱা কৰাৰ বাবে বিনম্ৰ আহ্বান থাকিল। থলগিৰি জাতি জনগোষ্ঠীৰ স্বাৰ্থত নিবেদিত প্ৰাণ আমাৰ আমাৰ সংগঠণক 'নিৰীহৰ আদিপাঠ' শিকাওঁতাসকলে বৈৰী সুচতুৰ ৰাষ্ট্ৰযন্ত্ৰৰ জাতি ধ্বংসী অভিযানক প্ৰতিহত কৰক। পৰিস্থিতি নিৰ্ভৰ ৰাজনীতিৰে সত্যক বিপথে পৰিচালিত নকৰি সমাজ বাস্তৱতাৰ গূঢ়া সঠিকভাৱে মূল্যায়ন কৰিবলৈ আহ্বান জনালোঁ।