
আমগুৰিঃ শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান এতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয়ৰ মঙলবাৰে সোণালী জয়ন্তীৰ উদযাপনৰ সামৰণী পৰে৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সোণালী জয়ন্তী উদযাপনৰ মঙলবাৰে অন্তিম দিনটোত মুকলি সভাত অংশ উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মৌচুমী মহন্তই আঁত ধৰা সভাৰ আদৰণি ভাষণ আগবঢ়ায় বিধায়ক প্ৰদীপ হাজৰিকাই৷
সভাত মুখ্যমন্ত্ৰীয়ে প্ৰাথমিক পৰ্যায়ৰ পৰাই শিক্ষাৰ সংস্কাৰৰ প্ৰয়োজন আছে বুলি কোৱাৰ লগতে শিক্ষাৰ পোহৰ অবিহনে আন্ধাৰৰ পৰা পোহৰলৈ যাব নোৱাৰে বুলি কয়। আৰোহন, গুণোৎসৱৰ দৰে আঁচনি সমুহে শিক্ষা ব্যৱস্থালৈ আমুল পৰিৱৰ্তন অনিব বুলি আশা প্ৰকাশ কৰে। সভাতেই সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ‘স্বৰ্ণশিঞ্জন’ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত তিনিচুকীয়াৰ ডিৰাকৰ ঘটনাক সমালোচনা কৰাৰ লগতে উগ্ৰপন্থীক কঠোৰ ভাৱে দমন কৰা হ'ব বুলি কোৱাৰ লগতে নিহতৰ পৰিয়াল বৰ্গলৈ ৫ লাখ টকাকৈ এককালীন সাহাৰ্য আগবঢ়াব বুলি ঘোষণা কৰে। আনহাতে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা আমগুৰি মহাবিদ্যালয়লৈ এটা প্ৰেক্ষাগৃহ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
সভাত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ন কোঁৱৰ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা, বিধায়ক তপন কুমাৰ গগৈ, কুশল দুৱৰী, ভবেন মোহন, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, আছু নেতা শৰৎ হাজৰিকা, টাই আহোম ছাত্ৰ সন্থাৰ নেতা অশ্বিনী চেতিয়া, আহোম জাতীয় গণ মঞ্চৰ নেতা মহেন্দ্ৰ দিহিঙিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁই উপস্থিত থাকে৷