অন্তেশ্বৰ-কৰুণ হত্যাকাণ্ড, তিনিচুকীয়া জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত সোমাবাৰে নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ উত্তজনা আজিও অব্যাহত আছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আলফাৰ এই কাণ্ডক কোনেও সহজে লব খোজা নাই৷

সেনা-আৰক্ষীয়ে আলফাৰ দলটোক জালত পেলাবলৈ অভিযান অব্যাহত ৰাখিছে৷ আনহাতে ঘটনাৰ প্ৰতিবাদত সদৌ মৰাণ ছাত্ৰ সন্থাই পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰে। বন্ধৰ সময় ছোৱাত জিলা খনৰ শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বানৰ চলাচল বন্ধ থাকে৷

ঠায়ে ঠায়ে পুৱাৰ ভাগত দুই এখন সৰু গাড়ী, ৰিক্সা চলাচল কৰিছিল যদিও একাংশ বন্ধৰ সমৰ্থকে মাৰ-ধৰ কৰা পৰিলক্ষিত হয়৷ জিলা খনৰ বিভিন্ন ঠাইৰ লগতে মাৰ্ঘেৰিটা, লিডু, লেখাপানী, টিৰাপগেট আৰু জাগুন আদিৰ বন্ধৰ প্ৰভাৱ পৰা দেখা যায়। দিনৰ প্ৰায় ১০ বজাত টিৰাপগেট তিনি আলিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা আৰু টিৰাপ আঞ্চলিক সমিতিয়ে মৃতকৰ পৰিয়াললৈ ক্ষতি পুৰণ দিয়াৰ দাবীত ১৫৩ ষ্টিলৱেল ৰাষ্ট্ৰীয় ঘাইপথত টাৱাই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্যসূচীত মটক যুৱ ছাত্ৰ সন্মিলন, আহোম সেনা, আছু, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাই সমৰ্থন জনায়। এই ঘটনাৰ মঙলবাৰে আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ হৈ পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্ত দীৰ্ঘদিন চোৰাং চোৱাগিৰি কৰি আহিছিল বুলি কোৱাত পুনৰ ক্ষোভিত হৈ পৰে ৰাইজ৷