
জোনাইঃ ব্ৰহ্মপুত্ৰত পানীৰ সোঁত বৈ থকালৈকে জীয়াই থাকিব অসমীয়া জাতি৷ অসমীয়া জাতিৰ স্বাভিমান, আৱেগ, অনুভূতি ব্ৰহ্মপুত্ৰ নদীৰ সৈতে অহৰহ জড়িত হৈ আছে৷ অসমীয়া জাতিৰ পৰম্পৰা, সাহিত্য, সংস্কৃতি, সভ্যতা, জীয়াই থাকিব ব্ৰহ্মপুত্ৰ জীয়াই থকালৈকে৷ অসমীয়া জাতিৰ প্ৰাণ ব্ৰহ্মপুত্ৰ৷ অসমীয়া জাতিয়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ সৈতে অতীজৰে পৰা নিবিৰ সম্পৰ্ক গঢ়ি তুলিছে৷
অসমীয়া জাতিৰ আয়ুস ৰেখা৷ নানা পৰম্পৰা, কৃষ্টি, সংস্কৃতিৰ তথা মিলনৰ ভূমি বৰ অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ৷ ব্ৰহ্মপুত্ৰ পৰাত গঢ় লৈ উঠা সভ্যতা, সংস্কৃতি, পৰম্পৰাই অসমীয়া জাতিৰ পৰিচয়৷ অসমীয়া জাতিৰ এক নিবিড় সম্পৰ্ক আছে মহাবাহুৰ সৈতে৷ কিন্তু এই ব্ৰহ্মপুত্ৰত ঘোলা পানী বৈ থকাত অসমীয়া চিন্তিত হৈ পৰিছে৷ যোৱা দুমাহ ধৰি ব্ৰহ্মপুত্ৰ পানী ঘোলা আৰু বিষাক্ত হৈ পৰাৰ বাতৰিয়ে ৰাজ্যবাসীক মনত চিন্তাৰ উদ্ৰেগ ঘটিছে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই আনিছে ভয়াবহ ভাবুকি।
ব্ৰহ্মপুত্ৰৰ পানী ঘোলা আৰু বিষাক্ত হোৱাৰ ফলত সবাতোকৈ ক্ষতিগ্ৰস্থ হৈছে ধেমাজি জিলাৰ জোনাই মহকুমা। জোনাইত থকা সৰু বৰ চাপৰিত থকা গৰু মহ মাছমৰীয়াৰ জীৱন জীবিকাৰ প্ৰতি আহি পৰিছে বিপদ। সমগ্র ৰাজ্যজুৰি ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে টিএমপিকেই নদীৰ পাৰত মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ সংগঠনৰ শ-শ কৰ্মী লগতে মহিলা বয়োজ্যেষ্ঠ নাগৰিকে অংগ্ৰহণ কৰি হতে হাতে ব্ৰহ্মপুত্ৰ বচাওঁ, চিয়াং সুৰক্ষা কৰক আদি নানা প্লেকাৰ্ড লৈ ব্ৰহ্মপুত্ৰৰ বুকুত নামি প্ৰতিবাদ কৰাৰ পিছতো ৰাজ্য গুৰুত্ব আৰোপ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সংগঠনটোৱে তিনিমাইল ঘাটতত মাটি, পানী আৰু নদী সুৰক্ষা শীৰ্ষক এখন সজাগতা সভাৰো আয়োজন কৰে৷ ইমানৰ পিছতো ভাৰত চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাত জোনাইৰ দল-সংগঠন ক্ষোভিত হৈ প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ নিৰ্বাচনত ব্যস্ত হৈ থকা বুলি কয়৷ অসমৰ সমস্যাক গুৰুত্ব প্ৰদান কৰিবলৈ জোনাইৰ দল-সংগঠনে আহ্বান জনায়৷