
চৰাইদেউঃ চৰাইদেউ জিলাৰ মাহমৰাক ন-খাই শিশু মহিলা সহ কেইবাগৰাকী লোক অসুস্থ হৈ পৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পাৰ মতে, মাহমৰাৰ চেঙেলীমৰাত এগাৰকী লোকৰ ঘৰত মঙলবাৰে নিশা ন-খোৱা অনুষ্ঠানত নিশাৰ আহাৰ খাই অসুস্থ হৈ পৰে প্ৰায় ১৭গৰাকী লোক৷
গাঁও খনৰ অকণি হাতীমুৰীয়া নামৰ লোকজনৰ ঘৰত ন-খোৱা অনুষ্ঠিত হৈছিল। ন-খোৱা অনুষ্ঠান আমূল পেকেটৰ গাখীৰ মিহলাই খোৱাৰ পিছতে ৮ গৰাকী মহিলা, ৪গৰাকী শিশু সহ ১৭গৰাকী লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে।
নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে মূৰৰ বিষ, পেটৰ বিষ আৰু বমি-শৌচ আদি হবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে ৭গৰাকীৰ অৱস্থা সংকট জনক। অসুস্থ আটাইকে চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আনহাতে তিনিগৰাকীক উন্নত চিকিৎসা বাবে ডিব্ৰুগড়লৈ লৈ প্রেৰণ কৰে চিকিসকে।