ডিগবৈ শোধানাগৰত শ্ৰমিকৰ মৃত্যু, তীব্ৰ উত্তেজনা

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ফিল'বাৰীঃ এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিগবৈ শোধানাগৰত৷ তিনিচুকীয়া জিলাৰ ডিগবৈ শোধনাগাৰৰ NTF প্লাণ্টত দুৰ্ঘটনা সংঘটিত হৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে শ্ৰমিক উত্তেজিত হৈ পৰে৷

কৰ্মৰত অৱস্থাত এজন শ্ৰমিক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ লগতে তিনিজন গুৰুতৰ ভাৱে আহত হয়। শ্ৰমিক ধনঞ্জয় বৰুৱাৰ মৃত্যু হোৱাৰ লগতে মনজিৎ বৰুৱা, অভিজিৎ মৰাণ, উপেন উৰাং আহত হয়৷ ডিগবৈৰ এঅ’ডি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শ্ৰমিকে৷