
জোনাইঃ অসমীয়া জাতিৰ প্ৰাণ ব্ৰহ্মপুত্ৰক লৈ লৰাধেমালি কৰাৰ প্ৰকৃত ছবি খন যোৱা প্ৰায় ২ মাহ ধৰি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে৷ কেন্দ্ৰৰ মোডী চৰকাৰ ব্যস্ত গুজৰাটৰ নিৰ্বাচনক লৈ৷ বিৰোধি কংগ্ৰেছও ব্যস্ত গুজৰাটৰ নিৰ্বাচন আৰু নৱ নিযুক্ত সভাপতিক আদৰণী জনোৱাত৷ অসমৰ ৰাইজৰ আবেগ, অনুভূতি জড়িত হৈ থকা ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হৈ মাছ, কাছ, গৰু মহৰ মৃত্যু হোৱাৰ লগতে পানীত গাধুব নোৱাৰা হৈছে৷ পানী খাব নোৱাৰাৰ পৰিৱেশে চিন্তিত কৰি তুলিছে ৰাইজক৷
অসমীয়া জাতিয়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ সৈতে অতীজৰে পৰা নিবিৰ সম্পৰ্ক গঢ়ি তুলি অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে গণ্য কৰি আহিছে৷ নানা পৰম্পৰা, কৃষ্টি, সংস্কৃতিৰ তথা মিলনৰ ভূমি বৰ অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ৷ ব্ৰহ্মপুত্ৰ পৰাত গঢ় লৈ উঠা সভ্যতা, সংস্কৃতি, পৰম্পৰাই অসমীয়া জাতিৰ পৰিচয়৷ অসমীয়া জাতিৰ এক নিবিড় সম্পৰ্ক আছে মহাবাহুৰ সৈতে৷ কিন্তু এই ব্ৰহ্মপুত্ৰত ঘোলা পানী বৈ থকাত অসমীয়া চিন্তিত হৈ পৰাৰ সময়তে অসমৰ ৰাজনীতি কৰাৰ লোকসকলক চিন্তিত হোৱা দেখা নাযায়৷
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই আনিছে ভয়াবহ ভাবুকি। চিয়াং নদীৰ পানী ঘোলা আৰু প্ৰদূষিত হোৱাৰ বাতৰিৰ পিছতে সমগ্র দেশজুৰি তোলপাৰ লাগিছে। চিয়াং আৰু ব্ৰহ্মপুত্ৰ পানী খোৱাৰ বাবে অনুপযোগি বুলি বিভিন্ন পৰীক্ষাগাৰত পৰীক্ষা কৰি ঘোষণা কৰা হয়। কিন্তু যোৱা দুমাহ ধৰি অসম-অৰুণাচলৰ ৰাইজৰ মাজত বিয়পি থকা শংকা সন্দেহ দুৰ কৰাত ব্যৰ্থ হৈছে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ।
তাৰ মাজতে মঙ্গলবাৰ নিশা প্ৰায় ৫ বজাত ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অৰুণাচল পাচিঘাটস্থিত কমলি ঘাটতৰ পৰা চিয়াং নদীৰ পানী পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে। চিয়াং নদীৰ কাষতে মন্ত্ৰীগৰাকীয়ে ছেটেলাইট ফটো পৰীক্ষাৰ পিছত যোৱা নৱেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ ভূমিকম্পৰ পিছতেই চিয়াং নদীৰ উৎপত্তি স্থলত ভূ-স্খলন হোৱাৰ বাবে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী ঘোলা হৈছে বুলি কয় সাংবাদিকক। ইয়াৰ পিছতো এই বিষয়ে সকলো তথ্য কেন্দ্র চৰকাৰৰ জ্ঞাৰ্তাথে দিয়া হৈছে বুলি সাংবাদিকক জানিবলৈ দিয়ে।
মন্ত্ৰী-বিধায়কে নিজৰ কৰ্তব্যক কি দৰে পাল মাৰে এই বিষয়ে মঙলবাৰে দেখা পোৱা গৈছিল। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অৰুণাচল চিয়াং গেষ্ট হাউচত দিনৰ ১২ বজাত অহা কথা আছিল। মন্ত্ৰী অহা খবৰ লাভ কৰি জোনাই-অৰুণাচল বিভিন্ন বিভিন্ন নিউজ চেনেল আৰু কাকতত সংবাদিকৰ ভিৰ চিয়াং গেষ্ট হাউচত। কিন্তু পাছিঘাট স্থিত চিয়াং নদীৰ কাষত মন্ত্ৰীগৰাকীৰ চৰণধূলা পৰে সন্ধিয়া প্ৰায় ৫ বজাত।
আন্ধাৰত মন্ত্ৰীগৰাকীয়ে চিয়াং নদীৰ পানী ৰঙা বগা নে হালধীয়া কি চালে তেও জানে। কিন্তু চিয়াং নদীৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈ লগত অহা জলসম্পদ বিভাগৰ বিষয়ববীয়া সকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে মোবাইলৰ পোহৰেৰে চাই পানী৷ আমাৰ ৰাজ্যৰ মন্ত্ৰীক ধোদ বুলি কবব নোৱাৰি৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ উপয়ুক্ত ব্যৱহাৰ কৰিছে বুলি কব পাৰি৷ ধন্য মন্ত্ৰী, ধন্য চৰকাৰ৷