কুৰুৱাবাহীত সত্ৰীয়া সংস্কৃতিৰ সাধক ভৱেন কাকতিৰ মৃত্যু

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহী সত্ৰ নিবাসী বিশিষ্ট সমাজকৰ্মী,ধৰ্মপৰায়ণ ব্যক্তি,সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক তথা সুদক্ষ অভিনেতা ভৱেন কাকতিৰ মঙলবাৰে নিজা বাসভৱনত দেহাৱসান ঘটে ৷

বিগত বহু বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা কাকতিৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ ৷সদা হাস্যময়ী,সৎ,নিৰ্ভীক আৰু পৰোপকাৰী গুণৰ অধিকাৰী কাকতি স্থানীয় বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপোতভাবে জড়িত থাকি বৃহত্তৰ অঞ্চলত সত্ৰীয়া কলা-কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহনা যোগাই আহিছিল ৷

অংকীয়া নাট আৰু পালা ভাওনাৰ এজন সুদক্ষ অভিনেতা হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা কাকতি গুৰুজনাৰ অমৰ সৃষ্টি গুৰু বাদ্য পৰিবেশনতো পাৰ্গত আছিল৷ তেওঁ বৃহত্তৰ হাতীচোং মৌজাৰ বিভিন্ন প্ৰান্তত জোৰা পৰিবেশন আৰু গুৰু বাদ্যৰ শিক্ষাৰ লগতে অসমীয়া ভাওনাৰ অভিনয়ৰ প্ৰশিক্ষণ প্ৰদানেৰে নৱ-প্ৰজন্মক সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছিল ৷তেওঁ মৃত্যুৰ সময়ত পত্নী,এজন পুত্ৰ,তিনি গৰাকী কন্যা আৰু বহু আত্মীয়-স্বজন ইহ-সংসাৰত এৰি থৈ যায় ৷বহু গুণধাৰী এই ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷