
ধুবুৰীঃ ধুবুৰী জিলা আৰক্ষীয়ে অভিযান চলাই নৈৰ পৰা উদ্ধাৰ কৰিলে এটিএম৷ ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীয়ে যুটিয়া অভিযান চলাই দীৰ্ঘ দিনৰ মূৰত গৌৰীপুৰৰ গদাধৰ নৈৰ বুকুৰ পৰা চুৰি এটিএম উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গৌৰীপুৰৰ তাৰঘাট দলংৰ তলত গদাধৰ নৈত হঠাত আৰক্ষী, এছ ডি আৰ এফ আৰু এনডিআৰ এফৰ অভিযান আৰম্ভ হয়৷
মঙলবাৰৰ পৰা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই স্থানীয় কেইবাজনো ডুবাৰুৰ সহায়ত অৱশেষত বুধবাৰে নৈৰ বুকুৰ পৰা এটিএমটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ দুই চোৰক হেণ্ডকাফ লগাই নৈৰ পাৰত থিয় কৰাই চোৰৰ হতুৱাই পানীৰ পৰা উদ্ধাৰ কৰে কৰে এটিএমটো৷
যোৱা দুই ডিচেম্বৰত ধুবুৰীৰ পৰা চোৰৰ দলটোৱে এটিএমব চুৰি কৰি নিছিল৷ আৰক্ষীৰ অভিযানত বৃহৎ এটিএমৰ নেটৱৰ্ক আটক কৰি আৰক্ষীয়ে চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই সাফলতা অৰ্জন কৰে৷ অসমৰ ভিন্ন প্ৰান্তৰ যিমান কেইটা এটিএম চুৰি হৈছিল প্ৰত্যেকটো গোচৰত অভিযুক্ত এই চোৰ কেইটা৷ এই চোৰৰ গ্ৰুপত ১৩ জন এটিএম চোৰ আছিল আৰু গোটেই কেইটাক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে৷