
মাৰ্ঘেৰিটাঃ অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয় আৰু সন্মিলনৰ মাজেৰে গঢ়ি উঠা অসমীয়া ভাষা ১৯৬০ চনতেই চৰকাৰৰ স্বীকৃতি লভ কৰে৷ ৰাজ্য খনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, বেনাৰ-হৰ্ডিং আদিত অসমীয়া ভাষা প্ৰয়োগ কৰাত চৰকাৰী আইনে নিৰ্দেশনা জাৰি কৰে৷
কিন্তু এটা জাতিৰ আত্মবলিদান, জাতীয় চেতনাক এচাম অসম আৰু অসমীয়া বিৰোধী চক্ৰই এই নিৰ্দেশনা অৱমাননা কৰি ৰাজ্য ভাষা প্ৰয়োগত বিধি পথালিহে দি আহিছে।
এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা খনৰ সমূহ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, বেনাৰ- হৰ্ডিং আদি সৰ্বত্ৰে অসমীয়া ভাষা প্ৰয়োগৰ কাৰ্যকৰী হোৱাকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত।
অহা এক মাহৰ ভিতৰত যদি এই দাবী কাৰ্যকৰী নহয় তেন্তে আগন্তুক দিনত অসম জাতীয়তাবাদী যুৱ পৰিষদে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম বুলি কয় তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষী বড়া, সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওঁগে।