
বাইহাটা চাৰিআলিঃ কামৰূপৰ বাইহাটা চাৰিআলিত অহা ১৭ ডিচেম্বৰত বাইহাটা চাৰিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিহা নামৰ কৰ্মশালা অনুষ্ঠিত হ’ব৷ সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অসমৰ লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ, ভক্তি মাৰ্গৰ স্বৰূপ দিহা নামক প্ৰচাৰ-প্ৰসাৰৰ বাবে এখন কৰ্মশালা অনুষ্ঠিত হ’ব৷
১৭ ডিচেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি মাধৱ চন্দন ডেকাই। ৯-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট সমাজকৰ্মী ৰমণী মোহন ডেকা আৰু সাহিত্যিক ৰক্তিমা ডেকা বৰুৱাই। দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব দিহা নামৰ কৰ্মশালা আৰু সাম্প্ৰতিক সময়ত দিহা নামৰ প্ৰাসংগিকতা আৰু ইয়াক শুদ্ধ তথা সঠিক ৰূপত নীতিগত ভাৱে পৰিবেশন কৰা সন্দৰ্ভত আলোচনা চক্ৰ।
গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই উদ্বোধন কৰিবলগীয়া আলোচনা চক্ৰৰ সঞ্চালন কৰিব কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূৱনেশ্বৰ ডেকাই। আলোচক হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্তালোচনী মণিকাঞ্চনৰ সম্পাদক মুনিন্দ্ৰ মহন্ত, সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক কৈলাশ তালুকদাৰ আৰু সদৌ দৰং জিলা নাগাৰা নাম সংঘৰ সভাপতি দুলু বড়ো।
কৰ্মশালাত ৰামচৰণ ভড়ালী, মুনিন্দ্ৰ শইকীয়া, অচ্যুত ডেকা, ৰূপেন ডেকা, মেডিনী মোহন নাথ, সৰ্বেশ্বৰ কলিতা, চণ্ডী পাটোৱাৰী, মাধৱ ডেকা, ধৰ্ম ডেকা, মহেশ ডেকা, শশধৰ কলিতা, বলেন শইকীয়া, সুভাষ নাথ, তৰুণ কাকতি, টংকেশ্বৰ ডেকা, বলোৰাম বৈশ্য আদি কেইবাজনো পাঠকে অংশগ্ৰহণ কৰিব।