চাৰ্জেণ্ট মেজৰ নিহত, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, ম্যানমাৰৰ পৰা আহিছে এনডিএফবি(স)ৰ দল

কোকৰাঝাৰঃ ৰাজ্যত কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সক্ৰিয়া হৈ পৰিছে৷ তাৰৱ মাজতে, বুধবাৰে নিশা সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে বিশেষ সফলতা লাভ কৰিছে৷ ম্যানমাৰৰ পৰা কোকৰাঝাৰত কুটাঘাতমুলক কাৰ্যৰ বাবে প্ৰৱেশ কৰা এনডিএফবিৰ ১০-১২ জনীয়া দলটোক সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ আগবঢ়োৱা এনডিএফবি(স)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ সহেটন নাৰ্জাৰী ওৰফে সানদৌও (২৪) বুধবাৰে নিশা জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত ধুমবাজাৰ এলেকাত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সংঘৰ্ষত নিহত এনডিএফবি(স) সদস্য জনৰ পৰা আৰক্ষীয়ে এটা একে ৫৬ ৰাইফল, এটা দেশীয় নিৰ্মিত বন্দুক, ২১৬ টা সজীৱ গুলী, ১৬ টা খালী কাৰ্টিজ, দুটা মেগজিন, দুটা গ্ৰেণেড, এটা ডিটেনেটৰ, নগদ দহ হেজাৰ টকা, তিনিখন চীম কাৰ্ড, দুখন খুকুৰী আৰু মোবাইল হেণ্ডছেট লগতে আন বহু আপত্তিজনক নথি-পত্ৰ, সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ম্যানমাৰৰ পৰা এনডিএফবি(স)ৰ বৃহৎ দল বিটিএডিত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পিছতে পুণৰাই বিটিএডিৰ ভূমি ৰক্তাক্ত হৈ পৰিব নেকি তাকে লৈ গভীৰ সংশয়ৰ সৃষ্টি হৈছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে বৃহস্পতিবাৰে নিজ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলত ভাৰত ভূটান সীমান্তবৰ্তী চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত ধুমবজাৰত এনডিএফবি(স)ৰ সদস্যই আত্মগোপন কৰাৰ তথ্য এক গোপন সূত্ৰে লাভ কৰি কোকৰাঝাৰ জিলাৰ আৰক্ষীয়ে নিশা প্ৰায় ৮.১৫ বজাত অক্সিগুৰী আৰু ধুমবজাৰ নামৰ দুঠাইত এম্বুছ পাতে। এম্বুছৰ সময়ছোৱাতে ধুমবজাৰত তিনিজন সন্দেহজনক যুৱকৰ গতিবিধি প্ৰত্যক্ষ কৰি আৰক্ষীয়ে ৰবলৈ নিৰ্দেশ দিয়ে যদিও দলটোৱে ওলোটাই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

আৰক্ষীৰ দলেও প্ৰত্যুত্তৰ দি গুলীচালনা কৰাত কিছুসময় পৰিৱেশ নিতাল হৈ পৰে। পিছত আৰক্ষীয়ে অধিক সংখ্যক নিৰাপত্তাৰক্ষীৰ সহযোগত অঞ্চলটো ঘেৰি লৈ অভিযান চলায় আৰু অস্ত্ৰসহিতে গুলীবিদ্ধ যুৱকৰ এটা মৃতদেহ উদ্ধাৰ কৰে। পৰবৰ্তী পৰ্যায়ত আৰক্ষীয়ে সংঘৰ্ষত নিহত যুৱকজনক এনডিএফবি(স)ৰ দুধৰ্ষ সদস্য সহেটন নাৰ্জাৰী ওৰফে সৌনদাও বুলি চিনাক্ত কৰে৷ সহেটনৰ ঘৰ জিলাখনৰে অক্সিগুৰীত বুলি জানিব পৰা গৈছে। দুই পক্ষৰ গুলীয়াগুলী অব্যাহত থকাৰ সময়তে আন্ধাৰৰ সুযোগ লৈ দলটোৰ দুজন সদস্য পলাবলৈ সক্ষম হয় যদিও ইয়াৰে এজন সদস্য আৰক্ষীৰ গুলীত আহত হয় বুলি সদৰি কৰিছে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

নিহত এন ডি এফ বি সদস্য জন সহেটন নাৰ্জাৰী (২৪) ওৰফে সানদৌও বুলি চিনাক্ত কৰাৰ বিপৰীতে আহত জনক মাউথি বুলি সন্দেহ কৰা হৈছে যদিও আহত সদস্যজনৰ অদ্যপি শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। আৰক্ষীয়ে আহত সদস্য জনক বিচাৰি অভিযান অব্যাহত ৰাখিছে। উল্লেখ্যে যে নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা সহেটন নাৰ্জাৰী ইয়াৰ পূৰ্বে এবাৰ চিৰাংত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত আহত হৈছিল। আনহাতে সংঘৰ্ষৰ সময়ছোৱাতে স্থানীয় গোবিন বসুমতাৰী নামৰ এজন লোকৰ ঘৰৰ বেৰ ভেদ কৰি গুলীয়ে তেওঁৰ এখন অলটো গাড়ী আৰু আলমাৰীৰ ক্ষতিসাধন কৰে যদিও পৰিয়ালটো দৈব্যক্ৰমে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে।

সংবাদমেলতে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে আন কেতবোৰ বিস্ফোৰক তথ্যও সদৰি কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা মতে ইতিমধ্যে ম্যানমাৰৰ পৰা কেবাটাও এনডিএফবি(স)ৰ প্ৰশিক্ষিত গোট বিটিএডিত প্ৰৱেশ কৰিছে। তাৰে ভিতৰত কোকৰাঝাৰত ১০-১২ জন ম্যানমাৰ প্ৰশিক্ষিত এনডিএফবি(স)ৰ কেডাৰ প্ৰৱেশ কৰাৰ উদ্বেগজনক তথ্যও সদৰি কৰিছে। মুলত কুটাঘাতমুলক কাৰ্য কৰিবলৈ এনডিএফবিৰ দলটো ম্যানমাৰৰ পৰা কোকৰাঝাৰত প্ৰৱেশ কৰিছে আৰু উক্ত ১০-১২ জনীয়া এনডিএফবি উগ্ৰপন্থীৰ দলটোক সংঘৰ্ষত নিহত সহেটনে চোৱাচিতা কৰিছিল বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰকাশ কৰে।

সংঘৰ্ষৰ সময়ত সহেটন ওৰফে সানদাওৰ সৈতে আন দুজন কেডাৰ আছিল আৰু ইয়াৰে মাওথি নামৰ কেডাৰজনৰ গাত গুলী লগাৰ দাবী কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰে। এনডিএফবি(স) এতিয়া অৰ্থ সংকটত পৰিছে আৰু সহেটনৰ নেতৃত্বতে নতুন সদস্যভুক্তি আৰু ধন দাবীৰে পূৰ্বৰ স্থিতি ঘূৰাই অনাৰ প্ৰচেষ্টা এনডিএফবিয়ে কৰিছিল বুলি মন্তব্যৰে নিশাৰ অভিযান অসম আৰক্ষীৰ বাবে বৃহৎ সফলতা বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে মন্তব্য প্ৰকাশ কৰি নতুনকৈ ভৰ্তি হোৱা বেছিভাগ সদস্যকো আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি সংবাদমেলত মন্তব্য কৰে। ৰাজ্যত হত্যা হিংসাৰ দাবানল অব্যাহত থকাৰ সময়তে একমাত্ৰ কুটাঘাতৰ লক্ষ্য আৰু ধন সংগ্ৰহৰ উদ্দেশ্যৰে ম্যানমাৰৰ পৰা এনডিএফবি(স)ৰ প্ৰশিক্ষিত কেডাৰে ৰাজ্যত প্ৰৱেশ কৰাৰ তথ্যই জনসাধাৰণৰ মাজত আতংক দুগুণে বঢ়াই তুলিব বুলি ধাৰণা কৰিব পাৰি।