
নগাঁওঃ আভ্যন্তৰিণ মানদণ্ড আশ্বাষন কোষ চমুকৈ 'আই কিউ এ চি'ৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালা৷
অহা ১৭-২৩ ডিচেম্বৰলৈৰা ৭ দিনিয়াকৈ অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত নৱ-প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কয় কৰ্মশালাৰ অন্যতম উদ্যোক্তা নীলপৱণ বৰা আৰু তুলসী প্ৰিয়া বৰদলৈ৷
বহুকেইজন বিশেষজ্ঞ ব্যক্তিৰ উপস্থিতিৰে অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাৰ আসনৰ সংখ্যা অতি সীমিত কৰা হৈছে৷ কৰ্মশালাত অংশগ্ৰহন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ ৯৮৬৪১-৫১৫০৭ আৰু ৮৪০৩৮-১৪৬৮৭ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷