
ডিব্ৰুগড়ঃ আমোলা, মন্ত্ৰী, বিষয়াৰ গাড়ীয়ে কাকো কেৰেপ নকৰে৷ ৰাজপথত তেওলোকৰ কনভয় বতাহতকৈয়ো দ্ৰুত গতিত যাব খোজে৷ এই কথাই ৰাজ্যত কেইবাবাৰো প্ৰমাণ হৈছে৷ তাৰ মাজতে এগৰাকী উচ্চ পদস্থ বিষয়াৰ গাড়ীয়ে দুগৰাকী ছাত্ৰ নেতাক খুন্দিওৱাৰ ফলত সংকটজনক অৱস্থাত চিকিৎসালয়ত মৃত্যুৰ সৈতে যুজ দিছে যদিও ছাত্ৰ নেতাৰ খবৰ লওঁতা কোনো নাই৷
জানিব পৰা মতে, যোৱা ১৩ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৮.১৫ বজাত যোৰহাট জিলাৰ টিয়ক কলিয়াপানীত অসম অাৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ AS-06-AC-9070 নম্বৰৰ ইনভাৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ দুই সক্ৰিয় সদস্য ভাস্কৰ বৰা আৰু শংকৰ বৰুৱা৷ ততাতৈয়াকৈ একাংশ লোকে দুয়ো নেতাক সংকটজনক অৱস্থাত চিকিৎসালয় ভৰ্তি কৰে।
ডিব্ৰুগড় আদিত্য নামৰ চিকিৎসালয় খনৰ আই চি ইউত ভাস্কৰ বৰাই থকাৰ বিপৰীতে যোৰহাট মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে শংকৰ বৰুৱাই৷ দুয়ো নেতাই সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুজ দিছে যদিও ৰাজ্য চৰকাৰৰ বিষয়াগৰাকীয়ে এবাৰো দুয়ো নেতাৰ খবৰ নললে৷ দৰিদ্ৰ পৰিয়ালৰ দুয়ো যুৱকে উপয়ুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে অসম প্ৰেমী-যুৱ সমাজে৷ অসম প্ৰেমী যুৱ-ছাত্র সমাজে বিষয়াগৰাকীয়ে শীঘ্ৰে যুৱক দুজনৰ চিকিৎসাৰ খৰচ বহন নকৰিলে টিয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে৷