
তিনিচুকীয়াঃ উজনিৰ তিনিচুকীয়া জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত যোৱা ১১ ডিচেম্বৰ নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ উত্তজনা অব্যাহত থকাৰ সময়তে এইবাৰ সন্দেহ জনক আলফা স্বাধীনে অপহৰণ কৰিলে এগৰাকী ব্যৱসায়ীক৷
মাৰ্ঘেৰিটাৰ সমীপৰ জয়ৰামপুৰৰ খান্দু গাৱলৈ গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ব্যৱসায়ী অৰ্ণৱ ফুকনক সন্দেহ জনক ৫ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰে৷ জাগুন ৯ মাইলৰ বাসিন্দা আছিল তেও। দলটোৱে ব্যৱসায়ীগৰাকীক এখন জিপছীত আহি উঠাই নিয়ে বুলি জানিব পৰা গৈছে৷ ক্ৰেচাৰৰ মালিকক ৰাজ পথৰ পৰা অপহৰণ কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আলফাই এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷