ৰাসত জিকিৰ প্ৰতিযোগিতা, পানীখাইটিত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উদযাপনৰ প্ৰস্তুতি

বঢ়মপুৰঃ অহা ২১ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এক্য সংহতিৰ বাণীৰে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱ অনুষ্ঠিত হ’ল নগাঁৱৰ পানীখাইটিত। বঢ়মপুৰৰ বিধায়ক, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্য পৃষ্ঠপোষকতাত আৰু পানীখাইটি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট "কেলিগোপাল"ৰ আধাৰত ৰচিত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উৎসৱৰ প্ৰতম দিনা পুৱা ৮ বজাত পানীখাইটি আঞ্চলিক উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰিব প্ৰফুল্ল বৰাই।

পুৱা ৯ বজাত মূল মণ্ডপৰ দ্বাৰ উদ্বোধন কৰিব কাফিল আহমেদে। ২২ ডিচেম্বৰৰ পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি মোহন চন্দ্ৰ বৰাই। পুৱা ৯ বজাত স্মৃতি তৰ্পন কৰিব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ৰত্নেশ্বৰ বৰাই। পুৱা ৯-৩০ বজাত বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিক, অসমৰত্ন ড০ ভূপেন হাজৰিকা, নটসূৰ্য ফণী শৰ্মা আৰু জনপ্ৰিয় বোলছবি অভিনেতা বিজু ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰিব সুতাৰগাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শইকীয়া, ননৈ মহাবিদ্যালয়ৰ প্ৰবক্তা বসন্ত বৰা আৰু শিক্ষাবিদ প্ৰফুল্ল মুক্তিয়াৰে।

থাপনা স্থাপন, গন্ধৰ্ব বাদন, ঊষা কীৰ্ত্তন, গায়ন বায়নকে ধৰি দুয়োটা দিনৰ সমূহ কাৰ্যসূচী পৰিচালনা কৰিব পিতনিপাৰ বৰগঞা সমাজে। ২২ ডিচেম্বৰৰ নিশা ৯ বজাত নৱসূৰুয সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাওনা৷ ভাওনা উদ্বোধন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই।

অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইনে। ২৩ ডিচেম্বৰৰ দিনৰ ২ বজাত জিকিৰ প্ৰতিযোগিতা আৰু নিশা ৮ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। মঞ্চ উদ্যোধন কৰিব নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই। কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই মুখ্য অতিথি ৰূপে উপস্থিত থাকিব লগীয়া সাংস্কৃতিক অনুষ্ঠানত স্থানীয় কেইবাগৰাকীও দূৰদৰ্শনৰ শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি ৰাস উৎসৱ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। অনুষ্ঠানতে ৰাইজৰ সহাৰি কামনা কৰিছে মুল সমিতি আৰু উদযাপন সমিতিৰ সম্পাদক বকুল হুছেইন আৰু অনিল ভূঞাই।