
কোকৰাঝাৰঃ অসম গ্ৰামীন বিকাশ বেংকৰ কোকৰাঝাৰ আঞ্চলিক কাৰ্যালয়ৰ সভাগৃহত প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত বীমায়িত পাঁচ গৰাকী গ্ৰাহকৰ পৰিয়াল বৰ্গলৈ প্ৰতিগৰাকী পৰিয়ালক দুই লাখকৈ ধনৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।
অসম গ্ৰামীন বিকাশ বেংকৰ কোকৰাঝাৰ আঞ্চলিকৰ অন্তৰ্গত পাগলহাট শাখা অসম গ্ৰামীন বিকাশ বেংকত প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ গ্ৰহণ কৰা পাঁচ গৰাকী গ্ৰাহকে অকাল মৃত্যু হোৱাত যোজনাৰ বীমায়িত গ্ৰাহকৰ পাঁচ গৰাকী পৰিয়ালবৰ্গক কোকৰাঝাৰ সদৰস্থিত আঞ্চলিক অসম গ্ৰামীন বিকাশ বেংকৰ সভাগৃহত আযোজিত অনুষ্ঠানৰ জৰিয়তে প্ৰতি পৰিয়ালবৰ্গলৈ দুই লাখকৈ মুঠ দহ লাখ ধনৰ অনুমোদন পত্ৰ সমূহ কোকৰাঝাৰ আঞ্চলিক অসম গ্ৰামীন বিকাশ বেংকৰ পৰিচালক অজিত নেওঁগ আৰু ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী আঞ্চলিক কাৰ্য্যলয়ৰ প্ৰৱন্ধক নিখিল চন্দ্ৰ দাসৰ হাতেৰে প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকি কোকৰাঝাৰ আঞ্চলিক অসম গ্ৰামীন বিকাশ বেংকৰ পৰিচালক অজিত নেওঁগ আৰু জ্যষ্ঠ পৰিচালক প্ৰদীপ চন্দ্ৰ পালে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ বিষয়ে বিষদ ভাৱে আলোকপাত কৰে আৰু অতি সহজে কম টকা বিনিযোগেৰে বেংকৰ যোগেদি বীমায়িত হবলৈ সকলোকে আহ্বান জনাই।
উল্লেখযোগ্য যে যোৱা ২০১৫ চনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মডি নেতৃত্বত "প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা", প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা দেশৰ সকলো নাগৰিকৰ বাবে উন্মোচন কৰি দিছিল। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ বাবে সকলো গ্ৰাহকে বেংকৰ জৰিয়তে বাৰ্ষিক প্ৰিমিযাম ৩৩০ টকাতে ২ লাখ টকাৰ জীৱন বীমা আৰু বাৰ্ষিক প্ৰিমিযাম ১২ টকাতে ২ লাখ টকাৰ দুৰ্ঘটনাৰ বীমাৰ আৰ্থিক সকাহ বীমায়িত গ্ৰাহকৰ পৰিয়াল বৰ্গই পাবলৈ সক্ষম হয় এই অভিলাষী আঁচনিৰ আধাৰত।