
লালুকঃ শুকুৰবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ হয়৷ বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷
বিহপুৰীয়া পি জি টি কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ তৰুণ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভাত সহ-পৰিদৰ্শক আব্দুৰ ৰাজ্জাকে আঁতধৰে৷
সভাখন উদ্বোধন কৰে বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চিত্ৰ বৰপাত্ৰ গোহাঁয়ে৷ অনুষ্ঠানত সাতখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপৰ টোপোলা প্ৰদান কৰি বিনামূলীয়া বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ ২০১৮ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰাই বিদ্যালয়সমুহত পাঠদান আৰম্ভ কৰিবলৈ আহ্বান জনায় বিদ্যালয় সমুহৰ সহ পৰিৰ্দশক আব্দুৰ ৰাজ্জাকে৷