
খেৰণিঃ কাৰ্বি পাহাৰত ভাৰতীয় সেনাই ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মাণ কৰিলে চাইকেল-ষ্টেণ্ড আৰু এটা শৌচালয়। সদ্ভাৱনা আঁচনিৰ ধনেৰে দুৰ্গম কাৰ্বি আংলঙৰ উলুকুঞ্চিত নিৰ্মাণ কৰে চাইকেল-ষ্টেণ্ড আৰু এটা শৌচালয়৷ উলুকুঞ্চিস্থিত আমৰি উচ্চ-মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চাইকেল-ষ্টেণ্ড আৰু এটা শৌচালয়ৰ বাবে সমস্যাত পৰি আহিছিল৷
চাইকেল-ষ্টেণ্ড আৰু শৌচালয়ৰ অভাৱৰ কথা অৱগত হৈ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে ছাত্র-ছাত্ৰীসকলৰ বাবে বিদ্যালয়ৰ চৌহদত চাইকেল-ষ্টেণ্ড আৰু এটা শৌচালয় নিৰ্মাণ কৰি দিয়ে। নিৰ্মাণ সম্পূৰ্ণ হোৱাত ভাৰতীয় সেনাৰ হামৰেণ ৰেড হৰ্ণ ডিভিজনে আনুষ্ঠানিকভাৱে চাইকেল-ষ্টেণ্ড আৰু শৌচালয়টো উদ্বোধন কৰে৷
ভাৰতীয় সেনাবাহিনীৰ সদ্ভাৱনা পুঁজিৰে বিদ্যালয়ৰ শ্ৰেণী কোঠা, ৰান্ধনী গৃহ, শৌচালয়, প্ৰস্ৰাৱগাৰ, চাৰিসীমাৰ দেৱাল, মুল প্ৰবেশদ্বাৰ, পানীটেংকী আদি নিৰ্মাণৰ কাম ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে ইতিমধ্যে কাৰ্বি আংলঙৰ বিভিন্ন এলেকাত সম্পন্ন কৰাৰ নজিৰো পোৱা গৈছে।