
মঙলদৈঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগচ, গাঞ্জা তথা ধপাতৰ ব্যৱসায় ৰাজ্যত আজিও অব্যাহত৷ আৰক্ষীয়ে নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে দৰং জিলাত বৃদ্ধি পাইছে ড্ৰাগছ, গাঞ্জাৰ দৰে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়।
মাথো কেইটামান দিন পূৰ্বে দৰং জিলাৰ মঙলদৈৰ ধূলাত আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় টেবলেট জব্দ কৰাৰ পিছতেই দৰং আৰক্ষীয়ে ৩৫ কেজিকৈ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
জিলা খনত ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ সময়তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলোৱা তালাচীত এখন অল্ট গাড়ীৰ পৰা মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাঞ্জা। আৰক্ষীয়ে অল্ট গাড়ী খনত অহা গোলাম ৰাব্বানি, আমচেৰ আলি আৰু আব্দুল মান্নানক গাঞ্জা সহ গ্ৰেপ্তাৰ কৰে।