
তেজপুৰঃ বিজেপিৰ বিতৰ্কিত সাংসদৰ বিৰুদ্ধে তেজপুৰত উত্তাল প্ৰতিবাদ৷ তেজপুৰৰ ৰাজ পথত সাংসদ আৰ পি শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ বিতৰ্ক আৰু তেজপুৰৰ সাংসদ আৰ পি শৰ্মা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ এইবাৰ আছুৰ ৰোষত পৰিছে আৰপি।
বিতৰ্কই লগ নেৰা সাংসদ আৰপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক তথা হিন্দু শৰনাৰ্থীক অসমত সংস্থাপন কৰাৰ সন্দৰ্ভত আছুৰ সৈতে আলোচনা কৰা বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰে৷ তাৰ পিছতে শনিবাৰে আৰপিক মানসিক বিকাৰগ্ৰস্ত আখ্য দি আছুৱে তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰে৷
হিন্দু বাংলাদেশী সংস্থাপন সন্দৰ্ভত আছুৰে বুজাবুজি হোৱা বুলি তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই কৰা মন্তব্যক তীব্ৰ ক্ষোভ ব্যক্ত কৰে আছুৱে। ৰাজ পথত সাংসদ আৰপিৰ প্ৰতিকৃতি দাহ কৰি শনিবাৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। আছুৱে সাংসদ ৰাম প্ৰসাদ শৰ্মাক মানসিক বিকাৰগ্ৰস্ত আখ্যা দি তেজপুৰৰ মানসিক চিকিৎসালয়ত চিকিৎসা কৰাৰো দাবী উত্থাপন কৰে।