
কোকৰাঝাৰঃ অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেনীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ প্ৰতিবাদত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত ৰাজ্যৰ সকলো গ্ৰন্থ বিপনী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে৷ শনিবাৰে কোকৰাঝাৰস্থিত মাৰ্চেন্ট কালীবাৰীত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰন সম্পাদক ধীৰাজ গোস্বামীয়ে এই সিদ্ধান্ত আৰু ঘোষণাক ক্ষোভ ব্যক্ত কৰে৷
ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰিবলৈ লোৱা বিনামূলীয়া পাঠ্যপুথিৰ আমি বিৰোধী নহয় যদিও চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হলে ৰাজ্যৰ সকলো গ্ৰন্থ বিপনীসমূহ বন্ধ হৈ পৰাৰ লগতে বৌদ্ধিক আৰু সাহিত্য চৰ্চা সমুলঞ্চে ধ্বংস হ’ব৷ ইয়াৰোপৰি ৰাজ্যৰ গ্ৰন্থ বিপনীৰ সৈতে জড়িত প্ৰায় তিনি লাখ কৰ্মচাৰী নিৱনুৱা হৈ পৰিব আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিব৷
সেয়ে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বিকল্প ব্যৱস্থা হিচাপে জলপানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰন সম্পাদক ধীৰাজ গোস্বামীয়ে। অকল এখন বিনামুলীয়া পাঠ্যপুথি পঢ়ি ছাত্ৰ-ছাত্ৰী মানুহ হ’ব নোৱাৰে বুলি তাপপৰ্যপূৰ্ণ মন্তব্যৰে ধীৰাজ গোস্বামীয়ে চৰকাৰক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷
আনহাতে সাংবাদ মেলত সন্থাৰ কাৰ্যকৰী সদস্য ক্ৰমে নাৰায়ন কেজৰিয়াল, উৎপল হাজৰিকাৰ লগতে কোকৰাঝাৰ, গোসাইগাওঁ, বাসুগাওঁ, বালাজান তিনালী আদিকে ধৰি বিভিন্নস্থানৰ গ্ৰন্থ বিপনীসমূহৰ বিক্ৰেতাসকল উপস্থিত থাকে৷ সংবাদমেলৰ পিছতে সন্থাৰ কোকৰাঝাৰ জিলা সমিতিও গঠন কৰা হয়৷