
গোৰেশ্বৰঃ কংগ্ৰেছে বিগত ১৫ বছৰে পৰ্বতসম দুৰ্নীতি কৰাৰ ফল ৰাইজে ভোগ কৰিব লগা হৈছে। সকলো ক্ষেত্ৰতে দুৰ্নীতি সংঘটিত হৈছিল তাৰ পৰা পৰিত্ৰাণ দিবলৈ বিজেপিয়ে এতিয়া চাৰ্জিকেল ষ্ট্ৰাইক চলাব লগা হৈছে। এই মন্তব্য ৫৭নং ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ। ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ গোৰেশ্বৰত তিনিটা পথৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে এই মন্তব্য কৰে।
ভৱেশে আৰু কয় বিটিচিত বিজেপিয়ে কাম কৰাৰ ক্ষেত্ৰত কাৰো সৈতে প্ৰতিযোগিতা নকৰে। ৰাইজে ভাল কাম যেতিয়া দেখিব তেতিয়া নিজে বুজিব বুলি কয় বিধায়কগৰাকীয়ে। গোৰেশ্বৰ-আন্ধেৰীঘাট গড়কাপ্তানি পথ, গোৰেশ্বৰ-খৈৰাবাৰী গড়কাপ্তানি পথ আৰু গোৰেশ্বৰ-তামুলপুৰ গড়কাপ্তানি পথৰ মুঠ দহ কিলোমিটাৰ পথ মেৰামতি কৰা হ’ব বুলি কয় বিধায়কগৰাকীয়ে।
বটীয়ামাৰী, জ্যোতিনগৰ আৰু ৰামছাত ফিটাকাটি পথ কেইটাৰ মেৰামতিৰ শুভাৰম্ভ কৰে। তিনিওটা পথ মিলি মুঠ দহ কিলোমিটাৰ পথ মেৰামতি কৰা হ'ব বুলি জনাইছে বিধায়কগৰাকীয়ে । একোটা পথত পঞ্চাশ লাখকৈ মুঠ ডেৰ লাখ টকাৰ বিধায়ক পুঁজিৰে পথকেইটাৰ প্ৰায় তিনি কিলোমিটাৰকৈ মেৰামতি কৰা হ'ব। ইপিনে পথকেইটা তিনি কিলোমিটাৰকৈ মেৰামতি কৰিলে মূল পথকেইটাৰ আধা অংশহে মেৰামতি হোৱাত বাকীখিনি জৰাজীৰ্ণ হৈয়ে থকাত ৰাইজৰ দুৰ্ভোগৰ অন্ত নপৰিব বুলি শংকা প্ৰকাশ কৰা হৈছে। পথকেইটাৰ মেৰামতিৰ কাম জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব।