২৩-২৪ ডিচেম্বৰত বিহপুৰীয়াত একাংক নাট প্ৰতিযোগিতা

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

লালুকঃ বিগত বছৰবেৰৰ দৰে এবেলিও লখিমপুৰ জিলাৰ বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ উদ্যোগত অহা ২৩ আৰু ২৪ ডিচেম্বৰত ৩৪ সংখ্যক সদৌ অসম যোগেশ্বৰ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগতাখন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৪টা নাট্যদলে অংশ গ্ৰহন কৰিবলগীয়া নাট প্ৰতিযোগিতা পৰিচালনা বাবে ইতিমধ্যে বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাক সভাপতি আৰু দুলাল শৰ্মাক সম্পাদক হিচাবে লৈ তেৰ খন উপ-সমিতিৰে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ৷

কাৰ্যসূচী অনুসৰি ২৩ ডিচেম্বৰত পুৱা ৯ বজাত সভাপতি দেবানন্দ হাজৰিকাই নাট্য সমাজৰ পতাকা উত্তোলন কৰাৰ লগতে ৩৪ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৩৪ খন পতাকা উত্তোলন কৰিব ৷ পুৱা ৯.৩০ বজাত প্ৰাক্তন বিধায়ক ভূপেন বৰাই যোগেশ্বৰ বৰুৱাৰ সমাধিত স্মৃতি তৰ্পন, ১০ বজাত প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, প্ৰাক্তন পৌৰপতি ৰোহিনী কুমাৰ ভূঞা, চক্ৰ বিষয়া দিপ্তী মৰাং আৰু খণ্ড উন্নয়ণ বিষয়া মনিতা দাস ৰংহাঙে জোনাকী যুগৰ ত্ৰিমুৰ্তি আৰু মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত মাল্যৰ্পন আৰু সন্ধ্যা ৬ বজাৰ পৰা নাট প্ৰতিযোগিতা আৰম্ভ হ’ব ৷

বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উদ্বোধন কৰিবলগা প্ৰতিযোগিতাৰ উদ্বোধনি অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেয়ে মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰিব ৷প্ৰথম দিনা ক্ৰমে পূৱ ডিক্ৰঙৰ নৱকল্প, চতীয়াৰ বোকা, উত্তৰ লখিমপুৰৰ সান্নিধ্য, তেজপুৰৰ অভিনয় দৰ্পণ, বিশ্বনাথ চাৰিআলিৰ এনাজৰী, ধেমাজীৰ পাঞ্চজন্য, বিশ্বনাথ চাৰিআলিৰ শব্দম, নাওবৈছাৰ শান্তি সংঘ, কলাবাৰীৰ নাট্য সন্মিলন, বদতি জামুগুৰিৰ জ্যোতিৰ্ময় সংঘ, সান্দহখোৱাৰ খ’ৰাপথাৰ যুৱক সংঘ, আৰু লাহলিয়ালৰ পূৱ ডিক্ৰং আঞ্চলিক সাংস্কৃতিক মঞ্চ নাট্য দল কেইটিয়ে নাট পৰিৱেশন কৰিব৷

দ্বিতীয় দিনা পুৱা ১০ বজাত দেবানন্দ হাজৰিকাৰ সভাপতিত্বত শিল্পী সম্বৰ্ধনা আৰু আজীৱন সভ্য সন্মিলনৰ পিছতে বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ সঞ্চালনাত অন্তৰংগ আলাপ অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত উপায়ুক্ত বৰুণ ভূঞা, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰি, বিশিষ্ট নাট সমালোচক ভাস্কৰজ্যোতি বৰা, বিশিষ্ট অভিনেতা অসীম কৃষ্ণ বৰুৱা, বিশিষ্ট অভিনেত্ৰী অসীমা দেৱচৌধুৰী, বিশিষ্ট শিল্পী তৃপ্তি পাটোৱাৰী সিং আৰু অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি নাজিম আহমেদে অংশ গ্ৰহন কৰিব৷

সন্ধ্যা ৬ বজাৰ পৰা বিহপুৰীয়াৰ অনুশীলন, তেজপুৰৰ মঞ্চতীৰ্থ, গুৱাহাটীৰ কৃষ্টিপথাৰ, নগাৱঁৰ জ্যোতিশিল্প, গুৱাহাটীৰ ঈগল, নগাৱঁৰ প্ৰছেনিয়াম, নলবাৰীৰ সমন্বয়ক্ষেত্ৰ, তেজপুৰৰ আংগিক, যোৰহাটৰ নেপথ্য, নগাঁৱৰ শিল্পকানন, নগাঁৱৰ জ্যোতিৰংগমঞ্চ আৰু বৰবালিৰ বংশীবদন নাট্য সমাজে নাট পৰিৱেশন কৰিব৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ অভিনেত্ৰী সহ বিভিন্ন শিতানত শ্ৰষ্ঠ প্ৰতিযোগীসকলক সোৱঁৰণী বটাঁ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব৷