কাৰ্বি আংলঙৰ হাৱাইপুৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

খেৰণিঃ কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰেল ষ্টেছনৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হাৱাইপুৰ-লামডিং ৰেল পথৰ দাঁতিত তথা হাৱাইপুৰ ষ্টেছনৰ সমীপত একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে৷ জিন্স পেন্ট- চুৱেটাৰ পৰিহিত লোকজনক ৩০-৩৫ বছৰীয়া বুলি অনুমান কৰা হৈছে।

ৰেলৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ ঘটনাস্থলিত উপস্থিত ৰাইজৰ। ঘটনাস্থলিত এতিয়ালৈ উপস্থিত হোৱা নাই ৰেল আৰক্ষী।