"আলোকৰ" যাত্ৰা, লিডুত শিশু সমাৰোহ

লিডুঃ প্ৰাথমিক শিক্ষা আমাৰ মৌলিক অধিকাৰ৷ এই শ্ল’গান আওৰাই ৰাজ পথ উত্তাল কৰিলে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত দিহিংমণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত যোৱা ১৪ আৰু ১৫ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিচাগাঁও প্ৰাথমিক বিদ্যালয়ত "আলোকৰ" যাত্ৰা শীৰ্ষক এক শিশু সমাৰোহ অনুষ্ঠিত হৈ যায়।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিশু সমাৰোহত শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ বৃক্ষ ৰোপন, ৯ বজাত সুধাকন্ঠ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই কণ কণ শিশুসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীত পৰিৱেশন কৰে৷

পুৱা ১১ বজাত লিডু বিশিষ্ট সমাজ সেৱক লক্ষ্মীনাথ হালুৱা সভাপতিত্বত বঁটা বিতৰণি আৰু মুকলি সভা অনুষ্ঠিত হৈ যায়। মুকলি সভাখনত লিডু তথা মাৰ্ঘেৰিটাৰ বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। সভাত চানু সোণাৰৰ সম্পাদনাত "আলোক" নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।