পৰীক্ষা পৰিচালনা সমিতি গঠন

নগৰবেৰাঃ নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দেওবাৰে অৱসৰপ্ৰাপ্ত শিক্ষক মদন পাঠকৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত  হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা সমিতি নতুনকৈ গঠন কৰা হয়।

মদন পাঠকক সভাপতি, ধনেশ্বৰ দাসক সম্পাদক হিচাপে লৈ নগৰবেৰাৰ ১১ গৰাকী ব্যক্তিক সদস্য হিচাপে লৈ পৰীক্ষা পৰিচালনা সমিতি খন গঠন কৰা হয়।

সভাত নগৰবেৰা আঞ্চলিক মৌজা সমিতিৰ সভাপতি উদয় মেধি, বি পি চি কলেজৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ দয়ানন্দ দাস, আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদ, অধ্যাপক শ্যামাচৰণ ঠাকুৰীয়াৰ উপৰিও ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত আছিল।