কমকৈ আহিল ৩০০৩খন পাঠ্যপুথি, কোকৰাঝাৰত পাঠ্যপুথি বিতৰণ

কোকৰাঝাৰঃ ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ ক্ষেত্ৰত প্ৰতিবছৰে খেলিমেলি সংঘটিত কৰি অহা শিক্ষা বিভাগে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য আৰম্ভ হোৱাৰ সময়তে সোমবাৰে কোকৰাঝাৰ শিক্ষাখণ্ডতো বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।

বিনামূলীয়া পাঠ্যপুথি বিতৰণ উপলক্ষে শ্যামগাঁৱত থকা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দোতমা শিক্ষাখণ্ডৰ বিদ্যালয় উপ-পৰিদৰ্শক আৰ জি বসুমতাৰীয়ে চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰি শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে পাঠ্যপুথিৰ যোগানে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি মন্তব্য আগবঢ়াই।

ইপিনে কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌমদৌন নাৰ্জাৰীয়ে বিগত বৰ্ষৰ তুলনাত এইবাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আগতীয়াকৈ আৰম্ভ হৈছে বুলি কৈ কোকৰাঝাৰ শিক্ষাখণ্ডত ১৯৭৮০৪ কপি কিতাপৰ প্ৰয়োজন যদিও তেওঁলোকে বৰ্তমানলৈকে ১৯৪৮০১ কপি কিতাপ হে বিতৰণৰ বাবে পাইছে বুলি মন্তব্য কৰি প্ৰয়োজন অনুপাতে কম হোৱা ৩০০৩ কপি কিতাপো শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। অনুষ্ঠানত কোকৰাঝাৰ শিক্ষাখণ্ডৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় শতাধিক শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ উপ-সভাপতি এচ ধৰ সহ কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহন কৰে।