বিশ্বনাথৰ ৰাজপথত যুৱ সমাজ, ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবী

বিহালীঃ সোমবাৰে বিশ্বনাথ জিলাৰ ৰাজ পথলৈ ওলাই আহিল যুৱ সমাজ৷ হাতে হাতে জোঁৰ লৈ ৰাজ পথাই কপাই দিল্লীক সকীয়াই দিলে যুৱ সমাজে৷ সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত ওলাই অহা যুৱকসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিয়ে নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ২৫ ডিচেম্বৰৰ পূৰ্বে ৰাজহুৱা কৰাৰ দাবীত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিল কৰাৰ দাবীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ চাৰিআলি টাউনত জোঁৰ সমদল উলিয়াই চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে৷

কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, নগা ফ্ৰেমৱক এগ্ৰিমেণ্ট ৰাজহুৱা কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে পৰিবেশ৷

জোঁৰ সমদলত সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দিব্যজ্যোতি বৰুৱা, বিশ্বনাথ জিলা সমিতিৰ সভাপতি নিত্যানন্দ দাস, সাধাৰণ সম্পাদক ভাস্কৰ দাস, উপদেষ্টা ৰঞ্জীত চেত্ৰী, সহকাৰী সম্পাদক দিব্যজ্যোতি বৰা, বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি বিজিত শইকীয়া, সাধাৰণ সম্পাদক পল্লৱ কাকতি, জিনজিয়া আঞ্চলিক সমিতৰ সভাপতি অৱতাৰ তাতি, বিহালী আহ্বায়ক সমিতিৰ বিজিত বিশ্ব বৰুৱা, বিতুপন লহকৰ, গহপুৰৰ প্ৰছেনজিত বৰুৱাৰ লগতে বহুকেইটা শাখা সমিতিয়ে অংশ শ্ৰহণ কৰে৷