দুৰ্গম পাহাৰত থলুৱা যুৱকক বন্দী, আলফাক লাগে ২ কোটি

লিডুঃ তিনিচুকীয়া জিলাৰ জাগুণৰ বিশিষ্ট ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক আলফা স্বাধীনে অপহৰণ কৰিছে কেৱল টকাৰ বাবে৷ অৰুণাভক উদ্ধাৰৰ বাবে আৰক্ষী-সেনা-অৰ্ধসামৰিক বাহিনীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আলফা স্বাধীনে অপহৰণ কৰা বুলি স্পষ্ট কৰে৷

তিনিদিনীয়াৰ উৎকন্ঠাৰ অন্ত পেলাই অৱশেষত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ থানাৰ অন্তৰ্গত খান্দু বস্তিৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে আলফাই। আলফা স্বাধীনৰ নেতা নয়ন মেধি বুলি পৰিচয় দি অপহৃত অৰুণাভৰ পিতৃ দিলীপ ফুকনক ফোন কৰি এই কথা অৱগত কৰে।

অৰুণাভ ফুকনক সুস্থ শৰীৰে আলফাৰ ম্যানমাৰ শিবিৰত ৰখা হৈছে বুলি আলফাৰ নেতা নয়ন মেধীয়ে পৰিয়ালৰ লোকক জানিবলৈ দি অৰুণাভৰ মুক্তিৰ দাবীত দুই কোটি টকাৰ মুক্তিপন বিচাৰে। চতুৰ্থ দিনা অৰুণাভৰ সন্ধানত অসম আৰু অৰুণাচল আৰক্ষীয়ে সীমান্তৱৰ্তী অঞ্চলসমূহত অভিযান তীব্রতৰ কৰাৰ সময়তে এই খবৰ পৰিয়ালে লাভ কৰে। আনহাতে আলফাই অপহৰণৰ দায়িত্ব তিনিদিনৰ পিছত স্বীকাৰ কৰাত ৰহস্যৰ সৃষ্টি হৈছে।

ব্যৱসায়ী দিলীপ ফুকনৰ লগতে বহু কেইজন ব্যৱসায়িক ইতিমধ্যে ধন দাবী কৰিছে বুলি জানিব পৰা যায়৷ ধন দাবীক লৈ আলফাি সৈতে মতানৈক্যৰ সৃষ্টি হোৱাৰ বাবেই পুত্ৰক অপহৰণ কৰা বুলি চৰ্চাও হৈছে৷ অৰুণাভৰ পৰিয়ালৰ লোকে পুত্ৰক সুস্থ শৰীৰেৰে মুক্তি দিবলৈ আলফাক কাতৰ অহ্বান জনায়।

ব্যৱসায়ী দিলীপ ফুকণৰ পুত্ৰ অৰুণাভ ফুকনে লৈ যোৱা গাড়ী খন সেনা-আৰক্ষীৰ অভিযানত অৰুণাচলৰ চামৰু বস্তিত উদ্ধাৰ হয়৷ মাহিন্দ্ৰা থাৰ নামৰ জীপ খন চামৰু বস্তিত পথৰ দাতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে৷ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফাৰ এটা গোটে শান্তি আলোচনাত ব্যস্ত হৈ থকাৰ সময়তে অসমত আলফা স্বাধীনে সংঘটিত কৰিছে হত্যাকাণ্ড, অপহৰণ কাণ্ড৷