জনজাতিকৰণ, উত্তাল কোকৰাঝাৰ, হাজাৰ হাজাৰ আদিবাসী লোকৰ ৰেল পথ অৱৰোধ

কোকৰাঝাৰঃ হাজাৰ হাজাৰ লোকৰ চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল হৈ পৰিছে কোকৰাঝাৰ। অসমৰ চাওঁতাল, উৰাও, মুণ্ডা, গঁড়, খাৰিয়া, চাওঁৰা, কিচান, প্ৰজা, লহৰ আদি জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত ৰেল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত মঙলবাৰে পুৱা ৬ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা কোকৰাঝাৰত আহি সমবেত হোৱা হাজাৰ হাজাৰ লোকে কোকৰাঝাৰ ৰেলৱে ষ্টেছন ৰেল পথ অৱৰোধ কৰি উত্তৰ পূৱৰ সৈতে ৰেলৱে যোগাযোগ স্তব্ধ কৰি তোলে।

কোকৰাঝাৰত হাজাৰ হাজাৰ ৰাইজে ৰেলপথ অৱৰোধ কৰাৰ ফলত উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইণ্টাৰচিটি এক্সপ্ৰেছকে ধৰি ৬খন যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰে। ৰেলপথ অৱৰোধ থলীত অাদিবাসী জাতীয় মহাসভা চমুকৈ এএনচিৰ সম্পাদক বীৰসিং মুণ্ডাই চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে অাদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা দিবলৈ দাবী জনাই অন্যথা লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব চৰকাৰক সকীয়াই দিয়ে।

তদুপৰি মুণ্ডাই আদিৱাসী বিদ্ৰোহী সংগঠনসমুহৰ দাবীসমুহ আলোচনাৰ জৰিয়তে শীঘ্ৰে সমাধান কৰা, উচ্ছেদিত আদিৱাসী লোকসকলক আৰু চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰিবলৈ দাবী জনায়। ৰেল অৱৰোধ কাৰ্যসূচীত আদিৱাসী সেৱা সমিতিৰ সভাপতি বয়েল হেমব্ৰমে দাবী পুৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে।

ৰেল অৱৰোধ কাৰ্যসূচীত হাজাৰ হাজাৰ জনতাই বিভিন্ন শ্ল’গানেৰে কোকৰাঝাৰৰ পৰিৱেশ উত্তাল কৰি তোলে। হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ৰেল পথ অৱৰোধ কৰি ন’ এচটি ন’ ৰেষ্ট, আমাৰ দাবী নাৰ্য দাবী, এএনচি জিন্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে। পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ৰেল অৱৰোধ কাৰ্যসূচী বিয়লি ১ বজালৈ অব্যাহত ৰখা হ’ব বুলি সদৰি কৰি বীৰসিং মুণ্ডাই চৰকাৰৰ বঞ্চনাৰ বাবেই আদিবাসীসকলৰ আন্দোলনৰ বাহিৰে আন পথ নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।