সুকীয়া স্বায়ত্ত ৰাজ্যৰ দাবীত কাৰ্বি পাহাৰৰ লোকে কপালে দিল্লী

দিল্লীঃ যোৱা ১৪ ডিচেম্বৰত কাৰ্বি পাহাৰৰ পৰা বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে এখন ৰেল যোগে দিল্লীলৈ যাত্ৰা কৰে৷ ডিফুৰ ৰেলষ্টেছনৰ পৰা যাত্ৰা কৰা লোকসকলে দিল্লীত উপস্থিত হৈ স্বায়ত্ত ৰাজ্যৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় দুই সহস্ৰাধিক লোকে মঙলবাৰে নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু ডিমা হাচাওক সামৰি ভাৰতীয় সংবিধানৰ অধিনত স্বায়ত্ত ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

কাঞ্চাচডিকমৰ নেতৃত্বত নতুন বিজেপি, কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা তিনিখনৰ বিভিন্ন ৰাজনৈতিক দল, আলোচনাপন্থী উগ্ৰপন্থীৰ দল, ছাত্ৰ আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মী, সদস্যই দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক স্বায়ত্ত ৰাজ্য প্ৰদানৰ দাবী জনায়৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত জনগোষ্ঠীৰ বাবে সন্নিবিষ্ট হৈ থকা ২৪৪ (ক) ৰূপায়ণৰ জৰিয়তে এখন স্বায়ত্ত ৰাজ্যৰ দাবী জনাই পাহাৰীয়া জিলা তিনিখনৰ লোকসকলে শীঘ্ৰে এই দাবীক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায়৷

মঙলবাৰে কাৰ্বি পাহাৰৰ শ-শ লোকে কপালে দিল্লীৰ ৰাজ পথ৷ কাৰ্বি আংলং আৰু ডিমা হাচাওৰ দুই সহস্ৰাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত উত্তাল হ’ল দিল্লীৰ ৰামলীলা ময়দান৷ পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ দীৰ্ঘদিনীয়া দাবীক কেন্দ্ৰ আৰু ৰাজ্যৰ কোনো চৰকাৰেই গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে পাহাৰীয়া জিলা দুখনৰ নাগৰিক৷ জিলা দুখনৰ ৰাইজৰ সংবিধান প্ৰদত্ত দাবীক ইতিমধ্যে হিংসাত্মক পৰিস্থিতৰ সৃষ্টি হৈছিল ৷

বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ আৰু মহিলা সংগঠনৰ নেতা-সদস্য সকলে নতুন দিল্লীৰ ৰামলীলা ময়দানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি স্বায়ত্ত ৰাজ্যৰ দাবীত হাতে হাতে প্লে কাৰ্ড, বেনাৰ আৰু ফেষ্টুন প্ৰদৰ্শন কৰে৷

ধৰ্ণা কাৰ্য সূচীত কংগ্ৰেছ, বিজেপিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতক দলৰ সদস্য লগতে ক্ৰমে কাঞ্চাছডিকম, জাকাছ, কেএছএ, ডিএছইউ, কেএআৰএছএছএ, কেএনএলএ আৰু কেএআৰএ অংশ গ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে জিলা দুখনৰ সংবিধান প্ৰদত্ত দাবী ২৪৪ (ক) ৰূপায়ণৰ বাবে ধৰ্ণাৰ জৰিয়তে দাবী জনায়৷