গোলাঘাটত খাটিখোৱা শ্ৰমিকৰ হৈ মাত মাতিব যোৱা যুৱকক আৰক্ষীৰ বৰ্বৰ আক্ৰমণ

গোলাঘাটঃ দৰিদ্ৰ, শ্ৰমিক খাটিখোৱা মানুহবোৰ সদায় চৰকাৰৰ শত্ৰু৷ কাৰণ তেওলোকে চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ দৰিদ্ৰ, শ্ৰমিক খাটিখোৱা মানুহবোৰ প্ৰতিবাদ কৰিলে শাসনৰ গাদীত বহি থকা লোকসকলে লাজ পায়৷ দৰিদ্ৰ, শ্ৰমিক খাটিখোৱা মানুহবোৰকে প্ৰতিখন চৰকাৰে টাৰ্গেট কৰি লয়৷ বেদ খল উচ্ছেদ কৰাৰ নামতে হওক নতুবা ৰাজ পথত ন্যায় বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোক সকলেই হওক চৰকাৰ তথা আৰক্ষীয়ে জপিয়াই পৰি বৰ্বৰ আক্ৰমণ কৰে৷

শেহতীয়াকৈ অগপ, বিজেপি আৰু বিপিএফৰ চৰকাৰ খনে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ কৃষক, শ্ৰমিক, দৰিদ্ৰৰ হৈ মাত মাতি অহা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ জনজাতি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ খনে আক্ৰোশমূলক আচৰণ কৰা পৰিলক্ষিত হৈছে৷ কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত যোৱা প্ৰায় তিনিমাহ ধৰি জেলত বন্দী কৰি ৰখাৰ লগতে বিভিন্ন সময়ত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷

মঙলবাৰেও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ জনজাতি সংগ্ৰাম সমিতিয়ে গোলাঘাট জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব যোৱাৰ সময়ত আৰক্ষীয়ে সংগঠনৰ দুজন নেতাক মাটিত বগৰাই লাঠীৰে বৰ্বৰ আক্ৰমণ কৰে৷ চাহ মালিকৰ পিষ্টলৰ গুলীত তথা বৰ্বৰ আক্ৰমণত ১৫জনকৈ শ্ৰমিক আহত হোৱাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হয় ছাত্ৰ নেতাদুজন৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে চাহ বাগিচাৰ মালিকে শ্ৰমিকক গুলীয়াই৷ আনহাতে চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গ’লে আৰক্ষীয়ে বৰ্বৰ ভাৱে আক্ৰমণ কৰে৷

ৰাজ্যৰ দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকৰ হৈ এতিয়া ন্যায় বিছাৰিব কোনে৷ গোলাঘাট জিলাত ১৩ ডিচেম্বৰত গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাত শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্যৰ দাবী উত্থাপন কৰিবলৈ গৈ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে শ্ৰমিকসকল উত্তেজিত হৈ পৰাত মালিকপক্ষই তেওলোকৰ ব্যক্তিগত পিষ্টলেৰে ধাৰাষাৰ গুলীবৰ্ষণ কৰাত ১৫জনকৈ শ্ৰমিক আহত হয়৷ লগে লগে সমগ্ৰ বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে আৰু শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে৷ শ্ৰমিকৰ উত্তাল প্ৰতিবাদৰ মাজতে আৰক্ষী নিৰাপত্তাৰ মাজেৰে মালিক সুধীৰ ৰয় আৰু সমীৰ ৰয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰিছিল৷

ঘটনাক তীব্ৰ নিন্দা কৰিছিল ৰাজ্যবাসীয়ে৷ শ্ৰমিকৰ তেজ শুহি খোৱা মদগৰ্বী মালিকৰ এনে কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিয়ে৷ এই ঘটনাৰ প্ৰতিবাদতগোলাঘাট জিলাৰ লগতে ৰাজ্য খনত প্ৰতিবাদ অব্যাহত আছে৷ তাৰ মাজতে মঙলবাৰে গোলাঘাটত থলুৱাৰ হৈ মাত মাতিব যোৱা থলুৱাক আৰক্ষীৰ বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ চাহ মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰে৷

সাংবাদিকৰ সৈতে মুখামুখি হৈ মন্তব্য প্ৰকাশ কৰি থকাৰ সময়তে আক্ৰমণ কৰে প্ৰতিবাদ কৰিবলৈ যোৱা প্ৰায় ২০ জনীয়া ছাত্ৰ সংগঠনৰ দলটোক৷ গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাৰ শ্ৰমিকে নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়তযোৱা ১৩ ডিচেম্বৰত চাহ বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰা ঘটনাৰ লগতে গ্ৰেপ্তাৰ হোৱা চাহ বাগিচাৰ মালিকক আৰক্ষীয়ে ৰাজ আতিথ্য দিয়াৰ প্ৰতিবাদত মঙলবাৰে গোলাঘাট প্ৰতিবাদ কৰিব যোৱাৰ সময়তে বৰ্বৰ আক্ৰমণ কৰে আৰক্ষীয়ে।