শিৱসাগৰত বাংলাদেশৰ শ্ৰমিক, আঁঠু কাঢ়িলে সমাজকৰ্মী প্ৰসন্ন দত্তৰ শ্ৰমিকে

শিৱসাগৰঃ থলুৱা ব্যৱসায়ীয়ে বাংলাদেশৰ পৰা শ্ৰমিক হায়াৰ কৰি আনি কামত নিয়োগ কৰাৰ সন্দেহ কৰি মঙলবাৰে লাচিত সেনাই অভিযান চলাই৷ উজনিৰ বিশিষ্টি উদ্যোগপতি, সমাজকৰ্মী প্ৰসন্ন দত্তৰ ব্যৱসায়স্থলিত বাংলাদেশৰ শ্ৰমিকে কাম কৰি থকা বুলি সন্দেহ কৰে উজনিৰ আগশাৰীৰ সংগঠন লাচিত সেনাই।

লাচিত সেনাই শিৱসাগৰ নগৰৰ মাজমজিয়াত সমাজকৰ্মী প্ৰসন্ন দত্তই নতুনকৈ নিৰ্মাণ কৰি থকা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অভিযান চলাই ৩৫গৰাকী সন্দেহযুক্ত নাগৰিকক আৱদ্ধ কৰি আঁঠু কঢ়াই আৰক্ষীক গতাই দিয়ে৷ শিৱসাগৰৰ নগৰৰ প্ৰাক্ষলিকা নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নিৰ্মাণ কাৰ্যত নিয়োগ কৰিছিল শ্ৰমিককেইজনক৷

বীৰ লাচিত সেনাই শ্ৰমিককেইজনক সোধ-পোছ কৰি লপা-থপা দি আৰক্ষীক গতাই দিয়ে৷ লাচিত সেনাই শ্ৰমিকৰ দলটোক পথত আঁঠু কঢ়াই শাস্তিও প্ৰদান কৰে৷ ইমানৰ পিছতো লাচিত সেনাই ব্যৱসায়ী প্ৰসন্ন দত্তৰ বিৰুদ্ধে লাচিত সেনাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰত৷ বাংলাদেশৰ শ্ৰমিকক কৰ পৰা আনিলে ব্যৱসায়ী প্ৰসন্ন দত্তই তাক লৈয়ো সৃষ্টি হৈছে চাঞ্চল্যৰ৷ অৱশ্যে শ্ৰমিকৰ দলটোৱে এই অভিযোগ নাকচ কৰি তেওলোকে অসমৰ বাসিন্দা বুলি হে কয়। শ্ৰমিকৰ দলটোত ৭গৰাকী শিশু শ্ৰমিককো আৰক্ষীয়ে আটক কৰে৷