
গোলাঘাটঃ অসম আৰক্ষীয়ে থলুৱা যুৱকক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গোলাঘাটৰ জাতীয় দল-সংগঠন৷
প্ৰতিবাদকাৰীক ৰাজ পথত বগৰাই লাঠীৰে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ এই কাণ্ডক সহজে লব পৰা নাই গোলাঘাটবাসীয়ে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে ৰাজ পথলৈ মানুহৰ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
ইমানে নহয় বৰ্বৰ আক্ৰমণক বিভিন্ন জনে গৰিহণা দিয়ে৷ তাৰ পিছতে গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আমছু আৰু আহোম সেনাই গোলাঘাট জিলা বন্ধ ঘোষণা কৰে।
বন্ধৰ সময়ছোৱাত বিভিন্ন ঠাইত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰা দেখা যায়৷ আৰক্ষীয়ে এগৰাকী বন্ধৰ সমৰ্থকক আটক কৰা বুলিও জানিব পৰা গৈছে৷ জিলা খনৰ প্ৰায় সংখ্যক স্কুল-কলেজ, ব্যৱসায় প্ৰতিষ্ঠান, কাৰ্যালয় বন্ধ থকা দেখা যায়৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতাক আৰক্ষীয়ে হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনসমূহে৷ বিদ্যুৎ বিকাশ শইকীয়া আৰু দেৱব্ৰত শইকীয়াক প্ৰহাৰ কৰাৰ ঘটনাৰ সৈতে এগৰাকী বিশেষ আৰক্ষী বিষয়া জৰিত বুলিও অভিযোগ উত্থাপন কৰে৷ আৰক্ষী বিষয়াগৰাকী ৰাকেশ পাল এপিএছচিৰ অধ্যক্ষ হৈ থকাৰ কালত এপিএছ হৈছিল বুলিও সংগঠন দুটাই অভিযোগ উত্থাপন কৰে৷
এপিএছচিৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি থকাৰ বাবেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ বিৰুদ্ধে এনেদেৰ আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠন দুটাই৷ অসমত এতিয়া আৰক্ষীয়ে গুণ্ডাৰাজ চলোৱা বুলিও কয় সংগঠন দুটাই৷