
গুৱাহাটীঃ বুধবাৰৰ পৰা চাৰিদিনলৈ ৰাজ্যৰ সকলো গ্ৰন্থ বিপনী বন্ধ থাকিব৷ অসম চৰকাৰে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰৰ পুৱাৰে পৰা পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাই সমগ্ৰ ৰাজ্যতে গ্ৰন্থ বিপনী বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্যৰ অন্যতম গ্ৰন্থ বিপনীৰ কেন্দ্ৰ গুৱাহাটী মহানগৰীৰ পান বজাৰতো বুধবাৰৰ পুৱাই গ্ৰন্থ বিপনী বন্ধ কৰি একাংশ লোকে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেনীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ প্ৰতিবাদত বুধবাৰৰ পৰা ৪ দিন বন্ধ থাকিব গ্ৰন্থৰ বিপণীসমূহ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত গ্ৰন্থৰ বিপনী বন্ধ থাকিব বুলি শনিবাৰে কোকৰাঝাৰস্থিত মাৰ্চেন্ট কালীবাৰীত এক সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিছিল৷
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰন সম্পাদক ধীৰাজ গোস্বামীয়ে ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰিবলৈ লোৱা বিনামূলীয়া পাঠ্যপুথিৰ আমি বিৰোধী নহয় যদিও চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হলে ৰাজ্যৰ সকলো গ্ৰন্থ বিপনীসমূহ বন্ধ হৈ পৰাৰ লগতে বৌদ্ধিক আৰু সাহিত্য চৰ্চা সমুলঞ্চে ধ্বংস হ’ব বুলি অভিযোগ কৰে৷
ইয়াৰোপৰি ৰাজ্যৰ গ্ৰন্থ বিপনীৰ সৈতে জড়িত প্ৰায় তিনি লাখ কৰ্মচাৰী নিৱনুৱা হৈ পৰিব আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিব৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বিকল্প ব্যৱস্থা হিচাপে জলপানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই৷