কাৰ্বি পাহাৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু

খেৰণিঃ ৰাজ্যত প্ৰতি খন জিলাত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চিলডুবিৰ ৰেবাবালি অঞ্চলতো অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ তাৰ মাজতে, বনৰীয়া হাতীৰ আক্রমণত ৰেবাবালিত এজন অচিনাক্ত লোকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সষ্টি কৰিছে অঞ্চলটোত৷

জানিব পৰা মতে, অচিনাক্ত লোকজন কিছুদিনৰ পৰা ৰেবাবালি অঞ্চলত ঘুৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে৷ লোকজন মানসিক বিকাৰগ্ৰস্ত বুলি সনদ্হে কৰিছিল ৰাইজে৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা প্ৰায় ৪০ বছৰীয়া লোকজনে এটা কলা পেন্ট আৰু স্পৰ্টিং পৰিধান কৰি আছিল। পুৱাৰ ভাগত স্থানীয় ৰাইজে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষী আৰু বন বিভাগক খৱৰ দিয়ে।

ইয়াৰ পাছতেই ঘটনাস্থলিত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ পাছতো মৃত লোকজনৰ পৰিয়ালৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। ফলস্বৰূপে মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ অন্তত ৭২ ঘণ্টাকৈ সময় অতিক্ৰম কৰাৰ পাছত পৰিয়ালৰ অপেক্ষাত থকা আৰক্ষীয়ে মৃতদেহটো সৎকাৰ কৰাৰ ব্যৱস্থা কৰে। বন বিভাগৰ গাফিলতিৰ বাবে প্ৰায় এমাহ ধৰি বনৰীয়া হাতীয়ে বৃহত্তৰ খেৰণি, মাইলু, হাৱাইপুৰ, চিলডুবি, মাটিখোলা আদি অঞ্চলত তাণ্ডৱ চলাই গৈছে৷